বকোত দুটাকৈ ৰাভা সংগঠনৰ জিলা আৰু আঞ্চলিক সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশনৰ বিশাল প্ৰস্তুতি…

বকোত দুটাকৈ ৰাভা সংগঠনৰ জিলা আৰু আঞ্চলিক সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশনৰ বিশাল প্ৰস্তুতি…

author-image
asomiyapratidin
New Update
বকোত দুটাকৈ ৰাভা সংগঠনৰ জিলা আৰু আঞ্চলিক সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশনৰ বিশাল প্ৰস্তুতি…

ডিজিটেল সংবাদ,বকো: কামৰূপ জিলাৰ বকোত দুটাকৈ ৰাভা সংগঠনৰ জিলা সমিতিকে ধৰি আঞ্চলিক সমিতি ক্ৰমে – কামৰুপ জিলা ৰাভা ছাত্ৰ সন্থাৰ ১৫ সংখ্যক দ্বি-বাৰ্ষিক, কামৰূপ জিলা ৰাভা মহিলা পৰিষদৰ ১২সংখ্যক দ্বি-বাৰ্ষিক , বকো আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ ১৩ সংখ্যক দ্বি-বাৰ্ষিক আৰু বকো আঞ্চলিক ৰাভা মহিলা পৰিষদৰ ১১সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন অনুষ্ঠিত কৰাৰ বিশাল প্ৰস্তুতি চলিছে । ইতিমধ্যেই যোৱা শুক্ৰবাৰে সামাগত অধিবেশনৰ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বকোৰ ৰাভা হাছং সংগ্ৰাহলয়ত বিভিন্ন সমাজ-সংগঠনৰ নেতা-কৰ্মীৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰি ৮০ জনীয়া অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। অভ্যৰ্থনা সমিতিখনৰ সভাপতি হিচাপে ড৹ গণেশ্বৰ চহৰীয়া আৰু সম্পাদক হিচাপে অংকুৰ কে. ৰাভাক দায়িত্ব অৰ্পণ কৰিছে। সেইদিনাৰ সভাখনত অহা ২০২৩ ইং বৰ্ষৰ মাৰ্চ মাহৰ মাজভাগত বকোৰ জননেতা সব্যসাচী ৰাভা সোঁৱৰণী ক্ষেত্ৰত দুয়োটা ৰাভা সংগঠনৰ জিলা আৰু আঞ্চলিক সমিতি দুখনৰ অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

Advertisment

উল্লেখযোগ্য যে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদখন ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তভূৰ্ক্ত কৰাৰ বাবে সংগ্ৰাম চলাই অহা নিখিল ৰাভা ছাত্ৰ সন্থা নামৰ ৰাভা ছাত্ৰ সংগঠন আৰু নিখিল ৰাভা মহিলা পৰিষদ নামৰ ৰাভা মহিলা সংগঠন দুটাৰ কামৰূপ জিলা সমিতি দুখনকে ধৰি বকো আঞ্চলিক সমিতি দুখনৰ অধিবেশনক বকোৰ ৰাইজে বিপুল আদৰণি জনাইছে ।

আৰু পঢ়ক : শক্তিশালী প্ৰত্যাৱৰ্তন নীৰজ চোপ্ৰাৰ, ৮৯.০৮ মিটাৰ দূৰত্বলৈ দলিয়ালে জেভলীন…

assam BOKO