উৰিয়াগাঁৱত ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ দ্বি-বাৰ্ষিক বিশেষ সাধাৰণ সভা সম্পন্ন

নগাঁও জিলাৰ উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ দ্বি-বাৰ্ষিক বিশেষ সাধাৰণ সভাখন দেওবাৰে উৰিয়াগাঁও খেলপথাৰত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলন কৰে উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ সভাপতি প্ৰভাত বৰাই।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
উৰিয়াগাঁৱত ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ দ্বি-বাৰ্ষিক বিশেষ সাধাৰণ সভা সম্পন্ন

উৰিয়াগাঁৱত ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ দ্বি-বাৰ্ষিক বিশেষ সাধাৰণ সভা সম্পন্ন

ডিজিটেল সংবাদ, উৰিয়াগাঁও : নগাঁও জিলাৰ উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ দ্বি-বাৰ্ষিক বিশেষ সাধাৰণ সভাখন দেওবাৰে উৰিয়াগাঁও খেলপথাৰত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলন কৰে উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ সভাপতি প্ৰভাত বৰাই।

Advertisment

শ্বহীদ তৰ্পণ কৰে সন্থাৰ সম্পাদক ৰূপৰাম হাজৰিকাই। ইয়াৰ পিছতে দ্বি বাৰ্ষিক বিশেষ সাধাৰণ সভাখন অনুষ্ঠিত হয়।

সন্থাৰ সভাপতি প্ৰভাত বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নগাঁও-বটদ্রৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। বিধায়কগৰাকীয়ে কয় - উৰিয়াগাঁও খেলপথাৰখনৰ লগত অঞ্চলটোৰ ৰাইজৰ আবেগ জড়িত হৈ আছে। এই খেলপথাৰখন এ জে ৱাই চি পি, স্থানীয় কেইবাগৰাকী ব্যক্তি আৰু ৰাইজৰ সন্মিলিত প্ৰচেষ্টাৰ যোগেদি পুনৰ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত যি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা হ’ল, এইয়া সঁচাকৈয়ে যোগাত্মক দিশ।

ভাষণত  বিধায়কগৰাকীয়ে আৰু কয়- উৰিয়াগাঁৱৰ প্ৰত্যেকগৰাকী থলুৱা ব্যৱসায়ী। থলুৱা ব্যৱসায়ীৰ স্বাৰ্থত প্ৰতিটো মুহূৰ্তত আমি থিয় দিমেই। এইটো NHAI হওক, যিয়েই নহওক। ইয়াত আমাক কোনেও অলপো ইফাল-সিফাল কৰিব নোৱাৰে। আমি সদায় আপোনালোকৰ লগত আছো।

উল্লেখযোগ্য যে সন্থাৰ সম্পাদক ৰূপৰাম হাজৰিকাই উদ্দেশ্য বাখ্যা কৰা সভাখনত বিধায়ক শৰ্মাই আৰু কয়- উৰিয়াগাঁও অঞ্চলটো এক বৃহৎ ব্যৱসায়িক কেন্দ্ৰস্থল হ’বলৈ গৈ আছে। উৰিয়াগাঁও খেলপথাৰখনক মিনি ষ্টেডিয়ামলৈ ৰূপান্তৰিত কৰাৰ উপৰিও থলুৱা ব্যৱসায়ীসকলৰ বাবে দোকান নিৰ্মাণ কৰি দিয়া হ’ব। ভৱিষ্যতে নগাঁও জিলাক পৰ্যটকৰ আকৰ্ষণীয় স্থলী হিচাপে গঢ় দিয়াৰ হেঁপাহ থকাৰ বিষয়ে উল্লেখ কৰি বিধায়কগৰাকীয়ে কয়- ইতিমধ্যে কৰৈয়নী বাৰগঞা মন্দিৰৰ পুনৰ নিৰ্মাণৰ কাম মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা পুঁজিৰ জৰিয়তে পূৰ্ণগতিত চলি আছে।

উৰিয়াগাঁৱত ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ দ্বি-বাৰ্ষিক বিশেষ সাধাৰণ সভা সম্পন্ন
উৰিয়াগাঁৱত ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ দ্বি-বাৰ্ষিক বিশেষ সাধাৰণ সভা সম্পন্ন

 

নগাঁৱত এখন ভূপেন হাজৰিকা কলাক্ষেত্ৰ নির্মাণৰ কাম কৰি থকা হৈছে। বটদ্রৱাত এটা বৃহৎ সংস্কৃতিক প্ৰকল্পৰ কাম চলি আছে। তাত এখন উদ্যান নির্মাণ কৰি থকা গৈছে। এই সকলোবোৰ কাম সম্পূৰ্ণ হৈ উঠিলে জিলাখনলৈ পৰ্যটকৰ আগমন ঘটিব।

ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে নিবনুৱাসকলক সংস্থাপিত কৰাৰ বাবে প্ৰৱৰ্তন কৰা চৰকাৰৰ উদ্যমীতা আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰাৰ উপৰিও উৰিয়াগাঁৱত নিৰ্মাণ হ’ব লগা ৰজা খেদা নগঞা "সিন্ধুৰা হাজৰিকাৰ" প্ৰতিমূৰ্তি নির্মাণৰ বাবে এখন নিৰ্মাণ সমিতি গঠন কৰাৰ পোষকতা কৰে।

সভাত অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক তথা সন্থাৰ উপদেষ্টা প্ৰকাশ মহন্তই ভাষণত কয়-উৰিয়াগাঁও অঞ্চলৰ এটা ইতিহাস আছে। দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত থকা উৰিয়াগাঁও খেলপথাৰখন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনলৈ কাগজ কলমে গুচি যোৱাৰ পিছত উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতি, এ জে ৱাই চি পি, ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ঐক্যবদ্ধ প্ৰচেষ্টাই পুনৰ খেলপথাৰখনক জীৱিত কৰি তুলিলে।

উৰিয়াগাঁৱত ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ দ্বি-বাৰ্ষিক বিশেষ সাধাৰণ সভা সম্পন্ন
উৰিয়াগাঁৱত ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ দ্বি-বাৰ্ষিক বিশেষ সাধাৰণ সভা সম্পন্ন

 

বিগত সময়ত যিখন খেলপথাৰত ফুটবল, ক্ৰিকেট, বিহুৰ অনুষ্ঠান আদি হৈছে। উৰিয়াগাঁও অঞ্চলৰ ৰাইজৰ সংগঠিত শক্তিৰ বাবে খেলপথাৰখনে পুনৰ প্ৰাণ পাই উঠিছে। আপোনালোক অবিচল থাকক, একত্ৰিত হৈ থাকক। সংগঠিত শক্তি,ত্যাগ আৰু সেৱাৰ জৰিয়তেহে মানুহ মহীয়ান হয়। আপোনালোকে নিজকে কেতিয়াও দুৰ্বল বুলি নাভাবিব। দুৰ্বল বুলি ভাবিলে শক্তিশালীয়ে হেঁচা মাৰি ধৰিব।

সভাত ভাষণ প্ৰসংগত সাংবাদিক মহন্তই আৰু কয়- সমাজ তথা ৰাইজৰ প্ৰতি সমৰ্পিত মনোভাব থাকিলে মানুহ উচ্চ ডিগ্ৰীধাৰী হ’ব নালাগে। এইক্ষেত্ৰত ব্ৰেইল লিপিৰ উদ্ভাৱক লুই ব্ৰেইলৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয়- লুই ব্ৰেইল এজন দৃষ্টিহীন মানুহ। দুৰ্ঘটনাত তেওঁ দৃষ্টিশক্তি হেৰুৱাইছিল। অষ্টম শ্ৰেণীলৈকে লুই ব্ৰেইলে পঢ়িছিল। কিন্তু মাত্ৰ ২৪ বছৰ বয়সতে তেওঁ ব্ৰেইল লিপি উলিয়াইছিল।

উৰিয়াগাঁৱত ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ দ্বি-বাৰ্ষিক বিশেষ সাধাৰণ সভা সম্পন্ন
উৰিয়াগাঁৱত ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ দ্বি-বাৰ্ষিক বিশেষ সাধাৰণ সভা সম্পন্ন

 

লুই ব্ৰেইলৰ নামেৰে উলিওৱা সেই কিতাপখন এতিয়া সমগ্ৰ বিশ্বতে চলে। ভাষণত প্ৰসংগত তেওঁ স্থানীয় মহিলাসকলক নিজৰ ব্যৱসায়িক কৰ্মৰ উপৰিও অসমীয়াৰ স্বাভিমান গামোছা বোৱা কামত নিয়োজিত হৈ উৰিয়াগাঁৱত এখন থলুৱা বজাৰৰ সৃষ্টি কৰিবৰ বাবে আহ্বান জনায়।

সভাত বিশিষ্ট সমাজকৰ্মী সুৰেশ বৰা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰবাল শৰ্মাই থলুৱা ব্যৱসায়ীসকলৰ সুৰক্ষাৰ বাবে সদায় কাম কৰি যাব বুলি ভাষণত উল্লেখ কৰে। সভাত কলংপৰীয়া বাৰগঞা সমাজৰ সভাপতি দিলীপ বৰা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাৰায়ন চন্দ্ৰ  বনিয়া, উৰিয়াগাঁও গাঁও পঞ্চায়তৰ সচিব ক্ষীৰোদ বৰফুকনে ভাষণ প্ৰদান কৰে।

সভাত সৰ্বসন্মতিক্রমে আগন্তক দুবছৰীয়া কাৰ্যকালৰ বাবে প্ৰভাত বৰাক সভাপতি আৰু ৰূপৰাম হাজৰিকাক সম্পাদক হিচাপে লৈ উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ এখন শক্তিশালী সমিতি গঠন কৰা হয়।

উৰিয়াগাঁৱত ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ দ্বি-বাৰ্ষিক বিশেষ সাধাৰণ সভা সম্পন্ন
উৰিয়াগাঁৱত ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ দ্বি-বাৰ্ষিক বিশেষ সাধাৰণ সভা সম্পন্ন

 

সভাত বিশিষ্ট নাট্যকৰ্মী কমলেশ শইকীয়া, সমাজকৰ্মী ক্ষীৰ কান্ত শৰ্মা, কিৰণ কুমাৰ নেওগ, উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বণিয়া, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰবোধ কুমাৰ বৰা, বিশিষ্ট নাট্যকাৰ নৱজ্যোতি বৰা, পদুম বৰুৱা, জিতুমণি বৰা, দিগন্ত দাস, ৰাজ হাজৰিকা আদি উপস্থিত থাকে। সভাত সম্পাদকীয় প্ৰতিবেদন আৰু হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ কৰা হয়।

RUPAK SARMA uriyagaon