/asomiyapratidin/media/media_files/2025/06/29/1sdf-2025-06-29-21-27-45.jpg)
ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ বাসুগাঁও চহৰৰ ভুটীয়াপাৰাত আজি সন্ধিয়াৰ ভাগত মটৰচাইকেল আৰু স্কুটিৰ মাজত ভয়ংকৰ মুখামুখি সংঘৰ্ষ হয়। উক্ত দুৰ্ঘটনাত এগৰাকী মহিলা সহ মুঠ চাৰিজন লোক আহত হয়।
প্ৰত্যক্ষদৰ্শীৰ মতে হাছিদুল আলী (১৮) নামৰ যুৱকজনে পঞ্জীয়ন বিহীন মটৰচাইকেলেৰে তীব্ৰ গতিত স্কুটীক খুন্দিয়াই দিয়ে আৰু তাৰ পিছত এজন চাইকেল আৰোহীক খুন্দিয়াই দি পথৰ পৰা বগৰাই দিয়ে । ফলস্বৰূপ কাজলগাঁৱৰ স্কুটি আৰোহী দম্পতী মণিষা বসুমতাৰী (২৫) আৰু সুৰজিত বসুমতাৰী (৩২) গুৰুতৰ ভাবে আহত হয় ।
আনপিনে মটৰচাইকেল আৰোহী বঙাইগাঁও জিদাৰ ঘিলাগুৰীৰ হাছিদুল আলী (১৮) আৰু কোকৰাঝাৰ জিলাৰ কাউনীয়াভাষাৰ আমিনুল শ্বেখ (২৮) নামৰ চাইকেল আৰোহী জন আহত হয়। স্থানীয় ৰাইজে আৰক্ষীৰ সহযোগত আহত কেইজনক প্ৰথমে বাসুগাঁও ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত লৈ চিকিৎসা প্ৰদানৰ ব্যবস্থা কৰে।
ইয়াৰে স্কুটি আৰোহী মণিষা বসুমতাৰীৰ সোঁভৰি আৰু সোঁহাতৰ হাড় ভঙাৰ বিপৰীতে মটৰচাইকেল আৰোহী হাছিদুল আলীৰ মুৰত আৰু শৰীৰৰ অন্তৰ্ভাগত আঘাতপ্ৰাপ্ত হোৱাৰ ফলত দুয়োকে সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও লৈ প্ৰেৰণ কৰা হয়। আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্থ হোৱা স্কুটি আৰু মটৰচাইকেল দুখন জব্দ কৰি থানাত লৈ যায় ।