কলিয়াবৰ প্ৰেছ ক্লাবৰ উদ্যোগত অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন...

"গীতে মাতে কথাৰে ভূপেন দা" শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান, অন্তৰংগ অনুষ্ঠান আৰু সম্বৰ্ধনা সভা

author-image
Asomiya Pratidin
New Update
কলিয়াবৰ প্ৰেছ ক্লাবৰ উদ্যোগত অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন...

কলিয়াবৰ প্ৰেছ ক্লাব

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰ প্ৰেছ ক্লাবৰ উদ্যোগত সুধাকণ্ঠ,ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ মৃত্যু দিৱসৰ আয়োজন। বছৰজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি শনিবাৰে সুধাকণ্ঠৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি হাটবৰত সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।

Advertisment

দুটা শাখাত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাত "ক" শাখাত দশম শ্ৰেণীৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত অন্যহাতে "খ" শাখাত পঞ্চম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ প্ৰতিযোগী সকলে অংশগ্ৰহণ কৰিব পাৰিব বুলি আয়োজক সমিতিয়ে উল্লেখ কৰে।

হাটবৰ কেন্দ্ৰীয় নাট্য সমাজৰ প্ৰেক্ষাগৃহত শণিবাৰে পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'বলগীয়া প্ৰতিযোগিতাত 'ক' শাখাৰ ১ম, ২য় আৰু ৩য় বিজয়ী প্ৰতিযোগীক ক্ৰমে নগদ ১২০০০, ৮০০০ আৰু ৬০০০ টকা আৰু 'খ' শাখাৰ ১ম, ২য়, ৩য় স্থানপ্ৰাপ্ত প্ৰতিযোগীক ১০,০০০/, ৭০০০/, ৫০০০/ নগদ ধন, বঁটা আৰু মান পত্ৰৰে পুৰস্কৃত কৰা হ'ব বুলি আয়োজক সমিতিয়ে জনায়।

ইফালে কলিয়াবৰ মহকুমা প্ৰশাসন, শাখা সাহিত্য সভা, ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ, লেখিকা সমাৰোহ সমিতি আৰু কলিয়াবৰ প্ৰেছ ক্লাবকে ধৰি কেইবাটাও অনুষ্ঠানে শিলঘাটস্থিত সুধাকণ্ঠ স্মৃতি উদ্যানত সুধাকণ্ঠৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি কাইলৈ দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰিছে "মানৱতা দিৱস" শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠানৰ।

পুৱা সুধাকণ্ঠৰ আৱক্ষ মূৰ্ত্তিত বন্তি প্ৰজ্বলন কৰিব স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী কেশৱ মহন্তই। ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে "গীতে মাতে কথাৰে ভূপেন দা" শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান, অন্তৰংগ অনুষ্ঠান আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে ৷

DR BHUPEN HAZARIKA koliyabar press club nagaon