মঙলদৈত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস উদযাপন...

প্ৰভাত ফেৰীত অংশগ্ৰহণ কৰা শতাধিক লোকে সুধাকণ্ঠৰ কালজয়ী 'মানুহে মানুহৰ বাবে...' গীতকে ধৰি বিভিন্ন গীত পৰিবেশন কৰি মঙলদৈ চহৰ মুখৰিত কৰি তোলে

author-image
Asomiya Pratidin
New Update
মঙলদৈত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস উদযাপন...

মঙলদৈ

ডিজিটেল সংবাদ, মঙলদৈঃ ড০ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি, দৰং আৰু মানৱতাবাদী সংগঠন 'মানুহে মানুহৰ বাবে দৰং, অসম'ৰ যুটীয়া উদ্যোগত শনিবাৰে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস মঙলদৈ বেগানৈৰ পাৰত থকা ড০ ভূপেন হাজৰিকা স্মৃতি উদ্যানত উদযাপন কৰে।

Advertisment

এই উপলক্ষে পুৱা ৬ বজাত মঙলদৈ পৌৰসভাৰ পৌৰপতি নিৰ্মালী দেৱী শৰ্মাই প্ৰভাত ফেৰী উদ্বোধন কৰে। এই প্ৰভাত ফেৰীত অংশগ্ৰহণ কৰা শতাধিক লোকে সুধাকণ্ঠৰ কালজয়ী 'মানুহে মানুহৰ বাবে' গীতকে ধৰি বিভিন্ন গীত পৰিবেশন কৰি মঙলদৈ চহৰ মুখৰিত কৰি তোলে।

ইয়াৰ পিছতে প্ৰাক্তন বিধায়ক তথা মীন উন্নয়ণ নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে বন্তি প্ৰজ্বলন, ড০ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতি বাসৱ চন্দ্ৰ ডেকাই মাল্যৰ্পন, 'মানুহে মানুহৰ বাবে, দৰং, অসম'ৰ সভাপতি আনোৱাৰ হুছেইনে স্মৃতি তৰ্পণ কৰে।

গণেশ দত্ত আৰু বিষ্ণুৰাম ডেকাই আঁত ধৰা এই অনুষ্ঠানত শিল্পী প্ৰাঞ্জল শৰ্মা, ডা০ মহেশ ডেকাই গীত পৰিবেশন কৰে। ইফালে সাংস্কৃতিক মহাসভাৰ দৰং জিলা সমিতিৰ উদ্যোগত আজি মঙলদৈ য়ুথ ক্লাবত 'সংগীত দিৱস' হিচাপে উদযাপন কৰি সুধাকণ্ঠক স্মৰণ কৰে। এই উপলক্ষে সম্পাদক প্ৰাঞ্জল শৰ্মাই আঁত ধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন সভানেত্ৰী ভানু ডেকা চহৰীয়াই আৰু উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক গণেশ দত্তই।

সমবেত সংগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত ৰূপজ্যোতি বৰা, জিউছ বি দত্ত, ভাৰ্গৱী ভূঞা, নিবিড় চলিহা, সুবাসনা ডেকা, ৰিণ্টিমণি ডেকা, প্ৰাঞ্জল শৰ্মা, দেৱৰ্ষি কাশ্যপে বাদ্য শিল্পী অলকেশ ভৰদ্বাজৰ সহযোগত গীত পৰিবেশন কৰে।

অনুষ্ঠানত শিল্পী ভানু ডেকা চহৰীয়া, য়ুথ ক্লাবৰ কাৰ্যকৰী সভাপতি গিৰীশ ডেকা, সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ ডেকা, সাধনা সংগীত কলা কেন্দ্ৰৰ সম্পাদক ধীৰেন্দ্ৰ কুমাৰ শৰ্মা, সংগীত শিক্ষক মোহচেন আলীকে ধৰি শতাধিক লোক উপস্থিত থাকে।

assam mangaldai BHPEN HAZARIKA