নগাঁও গ্ৰাম্য পুথিভৰাঁল সন্থাৰ উদ্যোগত সুধাকণ্ঠৰ মৃত্যু দিৱস উদযাপন...

সন্ধিয়া সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতাৰে সামৰণি অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
নগাঁও গ্ৰাম্য পুথিভৰাঁল সন্থাৰ উদ্যোগত  সুধাকণ্ঠৰ মৃত্যু দিৱস উদযাপন...

নগাঁও গ্ৰাম্য পুথিভৰাঁল সন্থাৰ সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি

ডিজিটেল সংবাদ , বেবেজীয়াঃ সমগ্র ৰাজ্যৰ লগতে নগাওঁ জিলাতো সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১১ সংখ্যক মৃত্যু দিৱস উদযাপন কৰে। সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত, সাংস্কৃতিক-মহাসভা আৰু অণিমা চিনে আৰ্টৰ সহযোগত সন্থাৰ মুখ্য কাৰ্যালয়ৰ চৌহদত সুধাকণ্ঠৰ মৃত্যু দিৱস উদযাপন কৰে।

Advertisment

পুৱা পতাকা উত্তোলনেৰে সুধাকণ্ঠৰ মৃত্যু দিৱস অনুষ্ঠানৰ শুভাৰম্ভ কৰে সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকাই। ইয়াৰ পিছতে সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে গুনিন্দ্ৰ গায়ন আৰু ড° প্ৰদীপ কুমাৰ দাসে।

আনহাতে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত পুতুল চন্দ্ৰ বৰা, সদ্য প্ৰয়াত বৰপেটাৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা, অভিনেতা নিপন গোস্বামী, চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়।

ইয়াৰ পিছতে সুৰ সমলয় যাত্ৰা মুকলি কৰে বিশিষ্ট শিল্পী দিগেন মহন্তই। এই উপলক্ষে অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰি সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকাই কয়, সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সদায় আমাৰ মাজত জীয়াই থাকিব। ড° হাজৰিকাৰ গীতে সদায় মানুহৰ হৃদয় স্পৰ্শ কৰে। ড° হাজৰিকাই অসমীয়া জাতিক নেতৃত্ব দিছিল বুলি সভাপতি হাজৰিকাই মন্তব্য কৰে।

সভাত সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মা, উপ সভাপতি হিমাদ্ৰি জ্যোতি দত্ত, সাংস্কৃতিক সম্পাদিকা অণিমা শৰ্মা বৰুৱাৰ লগতে সাংবাদিক গুৰুমাইল সিং, সংগঠক শচীন্দ্ৰ দেৱ মহন্ত আদিয়ে অংশ গ্ৰহণ কৰে। সন্ধিয়া সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতাৰে ড° হাজৰিকাৰ মৃত্যু দিৱস অনুষ্ঠানৰ সামৰণি পৰিব বুলি আয়োজক সমিতিয়ে জনায়।

nagaon bhupen hazarika assam