/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/3196ff4c-b91d-4f1a-858d-3f0165cb3150/DDF.jpg)
ডিজিটেল ডেস্কঃ যোৰহাটত মঙলবাৰে পুৱাই সংবাদমেল সম্বোধন কৰে অসম কংগ্ৰেছৰ সভাপতি ভুপেন বৰাই। অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু পৱনসিং ঘাটোৱাৰক লগত লৈ সংবাদমেলত এটি স্বৰচিত এটি কবিতা আবৃত্তিৰে বিজেপি তথা কংগ্ৰেছ দল এৰা বহু নেতাসকলক তীব্ৰ কটাক্ষ কৰে। লাচিত বৰফুকনৰ বীৰত্বক লৈ লিখা এই কবিতাটোত ভুপেন বৰাই বিজেপি তথা হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰে।
অসম কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে লোকসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ তালিকাখন ভাল বুলি দাবী কৰে আৰু সেইবাবেই প্ৰতিক্ৰিয়া হৈছে বুলিও মন্তব্য কৰে। ভুপেন বৰাই লগতে কয়- গৌৰৱ গগৈ ফেচ অৱ দ্য আসাম আৰু ভইচ অৱ দ্য নৰ্থ ইষ্ট। সেইবাবেই তেওঁৰ বিৰুদ্ধে বিজেপি উঠি পৰি লাগিছে।‘
আনহাতে ২০২৫ত ভুপেন বৰাই বিজেপিত যোগদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা দাবীক প্ৰত্যুত্তৰ জনাই বৰাই কয়- মই কিয় বিজেপিত যোগদান কৰিব লাগে? মই যদি বিজেপিত যোগদান কৰো তেতিয়াহলে চৰকাৰে ১০লাখ নিবনুৱাক চাকৰি দিব নেকি? ৬জনগোষ্ঠী জনজাতিকৰণ হব নেকি? মই যোগদান কৰিলে কা বাতিল কৰিব নেকি? যদি এইবোৰ বিজেপিয়ে কৰি দেখুৱাব পাৰে তেন্তে মই বিজেপিত যোগ দিম।‘’
উল্লেখ কৰা প্ৰয়োজন যে, যোৰহাটত গৌৰৱ গগৈৰ মনোনয়ন পত্ৰ দাখিল পৰ্বত সংগ দিব ভুপেন বৰাৰ লগতে অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু পৱনসিং ঘাটোৱাৰে।