কংগ্ৰেছ কৰ্মীক বিজেপিয়ে ধাৰাবাহিক আতিশায্য চলোৱাৰ অভিযোগ ভূপেন বৰাৰ

বিজেপিৰ একাংশ সমৰ্থকে আইন নিজৰ হাতত লৈ সমগ্ৰ অসমত কংগ্ৰেছ কৰ্মীৰ ওপৰত যিধৰণৰ অত্যাচাৰ চলাইছে এই ঘটনাই অসমত যে গৃহমন্ত্ৰীৰ অস্তিত্ব শূন্য সেই কথাকেই প্ৰমাণ কৰিছে। এক বিবৃতিত ভূপেন কুমাৰ বৰাই এই অভিযোগ কৰিছে।

author-image
Asomiya Pratidin
New Update
DF

ডিজিটেল সংবাদ,গুৱাহাটীঃ  কংগ্ৰেছ নেতা-কৰ্মীৰ ওপৰত বিজেপিৰ গুণ্ডাবাহিনীৰ ধাৰাবাহিক আতিশায্য আৰু আক্ৰমণ অব্যাহত থকাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই।

বিজেপিৰ একাংশ সমৰ্থকে আইন নিজৰ হাতত লৈ সমগ্ৰ অসমত কংগ্ৰেছ কৰ্মীৰ ওপৰত যিধৰণৰ অত্যাচাৰ চলাইছে এই ঘটনাই অসমত যে গৃহমন্ত্ৰীৰ অস্তিত্ব শূন্য সেই কথাকেই প্ৰমাণ কৰিছে। এক বিবৃতিত ভূপেন কুমাৰ বৰাই এই অভিযোগ কৰিছে।

বৰাই কয় যে জোনাই সমষ্টিৰ বগৰী চাপৰি এলেকাটোত শেহতীয়াকৈ পঞ্চায়তৰ প্ৰস্ততি সভাত অংশগ্ৰহণ কৰিবলৈ যোৱা কংগ্ৰেছৰ ৫ জনকৈ নেতা-কৰ্মীক বিজেপিৰ গুণ্ডাবাহিনীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰি আহত কৰিছে আৰু কংগ্ৰেছ কৰ্মীসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছে। 

অসম প্ৰদেশ কংগ্ৰেছৰ এছচি বিভাগৰ সম্পাদক বিক্ৰম ৰামছিয়াৰী, মুককচেলেং ব্লক কংগ্ৰেছৰ সভাপতি তুলিৰাম দলে, ধেমাজি জিলা ব্লক কংগ্ৰেছৰ সভাপতি ৰহিম পেগুকে ধৰি ৫ জন কংগ্ৰেছ নেতা-কৰ্মীক বিজেপিৰ গুণ্ডাবাহিনীয়ে সভা চলি থকাৰ সময়তে নিৰ্মমভাৱে প্ৰহাৰ কৰিছে।

এই ঘটনা স্থানীয় বিধায়ক ভূৱন পেগুৰ পৃষ্ঠপোষকতাতে হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। এই সমগ্ৰ ঘটনা কংগ্ৰেছ দলৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাৰ বাবেই বিজেপি কৰ্মীয়ে সংঘটিত কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে। অসমৰ মুখ্যমন্ত্ৰী তথা গৃহ বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মা আইন-শৃংখলা নিয়ন্ত্ৰণত যে সম্পূৰ্ণ ব্যৰ্থ সেই কথাকে প্ৰমাণ কৰিছে।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধানো আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত বাৰে বাৰে ব্যৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিততে এতিয়া শাসকীয় বিজেপি দলে কংগ্ৰেছ কৰ্মীসকলক আক্ৰমণৰ লক্ষ্য কৰি আহিছে। ইমানৰ পিছতো পৰিস্থিতি পৰ্যালোচনা কৰাৰ পৰিৱৰ্তে আৰক্ষী সঞ্চালক প্ৰধানে হাত সাবতি বহি থকাতো চৰম লজ্জাজনক।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই অসম আৰক্ষীৰ এনে পক্ষপাতিত্বমূলক ভূমিকাক তীব্ৰ গৰিহণা দিয়াৰ লগতে কংগ্ৰেছ কৰ্মীসকলক অধিক শক্তিশালীভাৱে আৰু একত্ৰিত হৈ ৰাইজৰ হকে মাত মতাৰ লগতে বিজেপি চৰকাৰৰ অনিয়ম-অনাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ আহ্বান জনাইছে। 

ভূপেন বৰা