অখিল গগৈ পাগল হৈছেঃ ভূপেন বৰা

যিদৰে শিল ভাঙিবলে ষ্টোন ক্ৰেচাৰ আছে তেনেদৰে ভোট ভাঙিবলে এতিয়া ভোট ক্ৰেচাৰ ওলাইছে। কংগ্ৰেছৰ ভোট ভাঙি বিজেপিয়ে ৰাস্তা বনাব। লগতে অখিল গগৈয়ে ভূপেন বৰাৰ সভাত ৯৭ টা মানুহ অহা বুলি কৰা মন্তব্যত গগৈক উভতি ধৰে ভূপেন বৰাই।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
dfgg

ডিজিটেল ডেস্ক: "অখিল গগৈ পাগল হৈছে। মই যোৱা ৫/৬ বছৰে গাড়ীয়ে কিনা নাই। কাৰণ অহা বছৰ মই চৰকাৰী গাড়ী চলাম, চাই থাকিব আপোনালোকে"- আজি কংগ্ৰেছৰ সভাত উপস্থিত হৈ অখিল গগৈক উদ্দেশ্যি এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই।

Advertisment

তেওঁ লগতে কয়, যিদৰে শিল ভাঙিবলে ষ্টোন ক্ৰেচাৰ আছে তেনেদৰে ভোট ভাঙিবলে এতিয়া ভোট ক্ৰেচাৰ ওলাইছে। কংগ্ৰেছৰ ভোট ভাঙি বিজেপিয়ে ৰাস্তা বনাব। লগতে অখিল গগৈয়ে ভূপেন বৰাৰ সভাত ৯৭ টা মানুহ অহা বুলি কৰা মন্তব্যত গগৈক উভতি ধৰে ভূপেন বৰাই।

তেওঁ কয়, আমি ৯৭ টা, এনেধৰণৰ শব্দ আমি ব্যৱহাৰ নকৰো। সেইবোৰ অখিল গগৈৰ ভাষ্য। আমি ৯৭ জন বুলি কওঁ। মোৰ সভাত ৭ জন মানুহো আহিব পাৰে। আধা বন্ধুত্ব আধা শত্ৰুতা নহ'ব। টিভি অন থাকিলে দুষ্টি, অফ থাকিলে দুচমণি সেইবোৰ আমাৰ লগত নহ'ব।

ইফালে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰত্যোত্তৰ দি ভূপেন বৰাই কয়, আমিও মাকৰ গাখীৰ গাই ডাঙৰ হৈছো । আমুল তাজা খাই ডাঙৰ হোৱা নাই। কাইলৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে থানাই থানাই গোচৰ দিয়াৰ কথাও উল্লেখ কৰে ভূপেন বৰাই।

ভূপেন বৰা