বিহালী উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব পাৰে ভূপেন বৰা !

বিহালী উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব পাৰে ভূপেন বৰা !

author-image
Asomiya Pratidin
New Update
বিহালী উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব পাৰে ভূপেন বৰা !

ডিজিটেল সংবাদ, বিহালীঃ ৰাজ্যৰ ৭১ নং বিহালী বিধান সভা সমষ্টিত বাজিছে উপ-নিৰ্বাচনৰ ৰণডংকা৷ শাসকীয় দল বিজেপি দলৰ ৰাজ্যিক সভাপতি পল্লৱলোচন দাস আৰু সদ্য বিজেপি নেতা জয়ন্ত বৰাই বিহালীৰ কুচ-কাৱাজ আৰম্ভ কৰিছে৷

Advertisment

উল্লেখ্যযোগ্য যে শাসকীয় বিজেপি দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী পল্লৱলোচন দাসৰ বিৰূদ্ধে বিহালীত সৃষ্টি হৈছে প্ৰতিষ্ঠান বিৰোধী প্ৰৱল ঢৌ৷ বিপৰীতে আজি ৭১ নং বিহালী বিধান সভা সমষ্টিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰ্মী সভা অনুষ্ঠিত কৰি সমষ্টিটোত বজালে উপ-নিৰ্বাচনৰ ৰণডংকা৷

তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল বিহালীত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনক কংগ্ৰেছ সভাপতি ভূপেন বৰাই সন্মুখৰ পৰা , নিজে উপস্থিত থাকি নিৰ্বাচনক নেতৃত্ব দিয়াৰ কথা ঘোষণা কৰিছে,লগতে সভাপতি ভূপেন বৰাই বিহালীবাসীৰ ঘৰে-ঘৰে গৈ ভোট বিচাৰিব বুলি গুৰুত্বপূৰ্ণ ইংগিত প্ৰদান কৰিছে ৷

আনকি কংগ্ৰেছ দলত থাকি কংগ্ৰেছ হাৰিব বুলি ফাল্টু কথা পতা কংগ্ৰেছীক দলৰ পৰা ডিঙিত ধৰি বাহিৰ কৰি দিবলৈ জিলা সভাপতিক নিৰ্দেশ ভূপেন বৰাৰ৷ সভাপতি ভূপেন বৰাই অহা ৩০ জুনৰ ভিতৰত বিহালীত উপ-নিৰ্বাচনী কাৰ্যালয় মুকলি কৰিব কংগ্ৰেছ দলে৷ চৰ্চা অনুসৰি বিহালী উপ-নিৰ্বাচনত ৰাজ্যিক সভাপতি ভূপেন বৰাও হ'ব পাৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী!

ইফালে কংগ্ৰেছৰ বিসম্বাদী বিধায়কৰ পদ খাৰিজ নকৰি বিধানসভাৰ অধক্ষ্য বিশ্বজিৎ দৈমাৰীয়ে ৰক্ষনাবেক্ষন দিছে বুলি অভিযোগ উত্থাপন কৰিছো ভূপেন বৰায়। হিমাচল প্ৰদেশত কংগ্ৰেছে অভিযোগ দিয়াৰ ১৫ দিনৰ ভিতৰতে অধ্যক্ষই ব্যৱস্থা লৈছিল যদিও অসমত অধ্যক্ষই লেহেমীয়া গতিৰে আগবাঢ়ি বিজেপিৰ কাৰ্যালয়ত কংগ্ৰেছৰ বিধায়ক ঘুৰি ফুৰাটো নেদেখাৰ ভাও জুৰিছে বুলি বিধান সভাৰ অধ্যক্ষক ক্ষুৰদ্ধাৰ সমালোচনা কৰে সভাপতি ভূপেন বৰাই।

Also Read: কিস্তি কিস্তিকৈ লৈছিল উৎকোচঃ ৰেঞ্জাৰ ইকবালক উচিত শাস্তি প্ৰদানৰ আশ্বাস বন মন্ত্ৰীৰ...

ভূপেন বৰা