Advertisment

ৰঙাপৰাত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা

বৰপেটা জিলাত কংগ্ৰেছ কৰ্মীৰ মাজত হোৱাৰ মাৰপিটৰ ঘটনা সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাই কয়- যিটো সময়ত মই কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্রহণ কৰিছিলো সেই সময়ত পোৰা সোঁণৰ টুকুৰা বিচাৰি এটা যাত্ৰা আৰম্ভ কৰিছিলো।

author-image
Asomiya Pratidin
New Update
zxx

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  শোণিতপুৰ জিলাৰ ৰঙাপৰাত অনুষ্ঠিত হোৱা 'মণ্ডল কংগ্ৰেছ সভাপতি সন্মিলন'ত আজি উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা। কালি বৰপেটা জিলাত কংগ্ৰেছ কৰ্মীৰ মাজত হোৱাৰ মাৰপিটৰ ঘটনা সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাই কয়- যিটো সময়ত মই কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্রহণ কৰিছিলো সেই সময়ত পোৰা সোঁণৰ টুকুৰা বিচাৰি এটা যাত্ৰা আৰম্ভ কৰিছিলো।

Advertisment

 যেতিয়া দলীয় সভাত উপস্থিত হৈছিলো সেই সময়ত মাত্র বিশজন দলীয় কর্মী উপস্থিত আছিল আৰু সেইকেইজন ব্যক্তি দলটোৰ বাবে আছিল পোৰা সোণৰ টুকুৰা। কংগ্ৰেছৰ সভালৈ যেতিয়া ৰাইজৰ সমাগম ঘটিব তেতিয়া দুই-এটা মতানৈক্য বা ঘটনা সংঘটিত হোৱাটো স্বাভাবিক কথা। বিজেপিৰ কাৰ্যালয়ৰ দৰে কংগ্ৰেছৰ কাৰ্যালয়ত মানুহে আত্মহত্যা কৰিবলগীয়া হোৱা নাই।

সন্ধিয়া ৭ টা বজাৰ পিছত বাজপেয়ী ভৱনত মহিলাৰ প্ৰৱেশ নিষিদ্ধ বুলি নিৰ্দেশ দিবলগীয়া হোৱা নাই বুলি কটাক্ষ কৰে। লগতে ভূপেন বৰাই আৰু কয় সৰু সৰু ৰাজনৈতিক দলবোৰক অজগৰ সাপে গিলি পেলোৱাৰ দৰে বিজেপিয়ে সৰু সৰু ৰাজনৈতিক দলবোৰক গিলিবলৈ আৰম্ভ কৰিছে। বৰ্তমানৰ সময়ত গণশক্তি নামৰ ৰাজনৈতিক দলটো ক'ত গ'ল। গণশক্তিৰ দুজন বিধায়ক আছিল।

 যিটো দলে বিজেপিৰ লগত থাকিব সেইটো দলে কালতক্রমে বিজেপিৰ পেটত সোমাই পৰিব৷ এতিয়া ইউ পি পি এলক ধৰিছে আৰু কেইদিনমানৰ পিছত অগপক ধৰিব। কংগ্ৰেছ ক্ষমতাত থকাৰ সময়ত বি পি এফ আৰু গণশক্তি শক্তিশালী হৈছিল। বিজেপি চৰকাৰৰ দিনত হোৱা প্ৰতিটো দুৰ্নীতি-লুণ্ঠনৰ তদন্ত কৰা হ'ব। এছ আই টি গঠনৰ জৰিয়তে প্ৰতিটো কেলেংকাৰী তদন্ত কৰাৰ অন্তত কোন কোন মানুহ জেললৈ যাব সেয়া ৰাইজে নিশ্চিত ভাৱে দেখা পাব।

জামুগুৰিহাট