ৰাহুল গান্ধীৰ নিৰ্দেশঃ খাদ্য় আৰু ঔষধ লৈ কাছাৰত শৰণাৰ্থী শিবিৰত ভূপেন বৰা...

ৰাহুল গান্ধীৰ নিৰ্দেশঃ খাদ্য় আৰু ঔষধ লৈ কাছাৰত শৰণাৰ্থী শিবিৰত ভূপেন বৰা...

author-image
Asomiya Pratidin
New Update
ৰাহুল গান্ধীৰ নিৰ্দেশঃ খাদ্য় আৰু ঔষধ লৈ কাছাৰত শৰণাৰ্থী শিবিৰত ভূপেন বৰা...

ডিজিটেল সংবাদ, শিলচৰঃ কাছাৰৰ মাৰকুলিনত আশ্ৰয় লৈ থকা মণিপুৰৰ দুৰ্গত লোক সকলৰ খাদ্য আৰু ঔষধৰ অভাব হোৱা বুলি সোমবাৰে শৰণাৰ্থী সকলে অভিযোগ কৰিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীক। ৰাহুল গান্ধীয়ে সোমবাৰে মনিপুৰলৈ‌ যোৱাৰ পুৰ্বে কাছাৰৰ মাৰকুলিন আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি আশ্ৰিত সকলৰ খা খবৰ লোৱাৰ সময়ত এই অভিযোগ কৰিছিল শৰণাৰ্থী সকলে।

Advertisment

ঔষধৰ অভাবত আনকি কেবাজনো শৰণাৰ্থী অসুস্হ হোৱা বুলিও ৰাহুল গান্ধীক অবগত কৰাইছিল মনিপুৰৰ মাৰ সম্প্ৰদায়ৰ শৰণাৰ্থী সকলে। অসুস্হ হৈ তিনিজন লোক হাস্পতালত চিকিৎসাধীন হৈ থকাৰ‌ কথাও সদৰী কৰে ৰাহুল গান্ধীক। সেই সময়ত ৰাহুল গান্ধীৰ সৈতে উপস্হিত আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰা সহ বৰাক কংগ্ৰেছৰ কেবাজনো নেতা।

ইফালে, শৰণাৰ্থী সকলৰ দুৰ্দশা শুনাৰ পিচতে তেওঁলোকক পৰ্যাপ্ত খাদ্য সামগ্ৰী আৰু ঔষধ পাতি প্ৰদান কৰিবলৈ আগবাঢ়ি আহে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰা। সোমবাৰে আবেলি বুজন পৰিমাণৰ খাদ্য সামগ্ৰী লৈ মাৰকুলিনৰ‌ আশ্ৰয় শিবিৰত উপস্হিত হয় ভুপেন বৰা।

শিলচৰ কংগ্ৰেছৰ সভাপতি অভিজিত পাল, কাটিগৰাৰ বিধায়ক খলিল উদ্দিন মজুমদাৰ সহ কেবাজনো দলীয় কৰ্মীক লগত লৈ ভুপেন বৰাই শৰণাৰ্থী সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। লগতে চিকিৎসাধীন ৰোগী সকলক ঔষধ ক্ৰয়ৰ বাবে নগদ ধনো প্ৰদান কৰে ভুপেন বৰাই।

Also Read: মা, চাকি এগছি জ্বলাই দিয়া মই আৰু নাবাচিমঃ বিশাখাপট্টনমত হেৰাল ৰহাৰ ধীৰু...

ৰাহুল গান্ধী