/asomiyapratidin/media/media_files/2025/07/11/jjjjjjjjjjjjjjj-2025-07-11-17-06-19.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথঃ ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গেৰ অসম ভ্ৰমণৰ প্ৰাকক্ষণত জিলাই জিলাই প্ৰস্তুতি সম্পৰ্কে আলোচনা অনুষ্ঠিত কৰিছে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। শুকুৰবাৰে বিশ্বনাথ চাৰিআলিস্থিত জিলা কংগ্ৰেছৰ ৰাজীৱ ভৱনত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গৰাকী।
ভূপেন বৰা বিশ্বনাথত উপস্থিত হৈয়ে সংবাদ মাধ্যমৰ আগত ৰাহুল গান্ধীৰ অসম ভ্ৰমণ সম্পৰ্কে মন্তব্য কৰা লগতে বিলাসী পাৰাত হোৱা উচ্ছেদ অভিযান, সাংবাদিক নিগ্ৰহৰ ঘটনা, অসমীয়া ভাষাৰ ব্যৱহাৰক লৈ বিতৰ্কিত মন্তব্য কৰা এ.বি.আমছুৰ নেতাৰ বিৰুদ্ধেও কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰতিক্ৰিয়া আগবঢ়ায়।