Advertisment

বিৰোধী ঐক্য ফ্লপ! ভূপেন বৰাৰ পোষ্ট- একলা চলো ৰে...

যোৱা শনিবাৰে সোণাপুৰৰ আতিথ্য ৰিৰ্জটত অনুষ্ঠিত হোৱা বিৰোধীৰ বৈঠকত যেন কোনো সমাধানৰ সূত্ৰ নোলাল। অখিল গগৈ আৰু কংগ্ৰেছৰ মাজত সৃষ্টি হোৱা তীব্ৰ বাক-বিতণ্ডাই এই বৈঠকখনত আৰম্ভণিতে

author-image
Asomiya Pratidin
New Update
kkkssd

ডিজিটেল ডেস্কঃ যোৱা শনিবাৰে সোণাপুৰৰ আতিথ্য ৰিৰ্জটত অনুষ্ঠিত হোৱা বিৰোধীৰ বৈঠকত যেন কোনো সমাধানৰ সূত্ৰ নোলাল। অখিল গগৈ আৰু কংগ্ৰেছৰ মাজত সৃষ্টি হোৱা তীব্ৰ বাক-বিতণ্ডাই এই বৈঠকখনত আৰম্ভণিতে কেনা লগাইছিল। অখিল গগৈৰ কথাত অসন্তুষ্ট হৈ  বৈঠক আধাতে ত্যাগ কৰি ওলাই গৈছিল কংগ্ৰেছৰ সাংসদ প্ৰদ্যুত বৰদলৈ। 

Advertisment

বৈঠক শেষ হোৱাৰ পাছতে ইয়াত উপস্থিত থকা সকলোৱে বৈঠকৰ সিদ্ধান্তৰ সন্দৰ্ভত কোনো কথা ৰাজহুৱা কৰা নাছিল। কিন্তু সকলোৱে স্বীকাৰ কৰিছিল যে, এই বৈঠকত তীব্ৰ বাক-বিতণ্ডা, যুক্তি তৰ্কৰ সৃষ্টি হৈছিল। কোনো এগৰাকী নেতাই মুখ খুলি নকলেওঁ শেহতীয়াকৈ তেওঁলোকৰ সুকীয়া সুকীয়া ফেচবুক পোষ্টত তেওঁলোকৰ স্থিতিৰ সন্দৰ্ভত ৰাইজক আভাস দিবলৈ চেষ্টা কৰিছে। 

বৈঠকৰ পৰা উভতি আহিয়ে শনিবাৰে নিশা অখিল গগৈয়ে ফেচবুকত এটা পোষ্ট দিছে। সেই পোষ্টটোত তেওঁ লিখে- আদৰ্শগত প্ৰশ্নত আমি অটল থাকিম। এই পোষ্টটোৰ পৰাই বুজিব পাৰি যে, উক্ত বৈঠকত কংগ্ৰেছ আৰু অখিল গগৈৰ মাজত সৃষ্টি হোৱা বাক-বিতণ্ডাই কি পৰ্যায় পাইছিলগৈ।

ইফালে দেওবাৰে পুৱাৰ ভাগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে এটা বিশেষ বাৰ্তা দিছে সামাজিক মাধ্যমৰ জৰিয়তে। কিশোৰ কুমাৰৰ বিখ্যাত বাংলা গীত একলা চলো ৰে শীৰ্ষক গীতটো ফেচবুকত শ্বেয়াৰ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে উক্ত পোষ্টটোত লিখিছে-  যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলো ৰে..

ভূপেন বৰাই এই গীতটো শ্বেয়াৰ কৰি কেপচনত লগতে লিখিছে-  PRE POLL/ POST POLL বুলি। ৰাজনৈতিক নেতাসকলৰ এনে পোষ্টৰ পৰাই সহজে অনুমান কৰিব পাৰি যে, তেওঁলোকে দৰাচলতে কি কব বিচাৰিছে। এতিয়ালৈকে এই বৈঠক আহ্বান কৰা আহ্বায়ক মণ্ডলীয়ে কোনো কথা ৰাজহুৱা কৰা নাই যদিও ৰাজনৈতিক নেতাসকলৰ এনে কৰ্মকাণ্ডই এই বৈঠকত যে সকলো দল একমত উপনীত হব নোৱাৰিলে, তাৰে ইংগিত প্ৰদান কৰিছে। 

কংগ্ৰেছ