/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-23/kcsm2l4x/5449414361996264446281525812566n.jpg)
ডিজিটেল ডেস্কঃ আজিৰ পৰা ৫৭৬ বছৰ আগতেই ১৪৪৯ খ্রীষ্টাব্দত মহাপুৰুষ গুৰুজনাৰ আৰ্বিভাৱৰ আগৰ সময়ছোৱাত অসম তথা সমগ্ৰ ভাৰতভূমি ধর্মান্ধতা আৰু দুষ্কৃতিৰ কর্মকাণ্ডই আচ্ছন্ন কৰি ৰাখিছিল। তেনে এক ঐতিহাসিক প্রয়োজনীয় ক্ষণতে মধ্য অসমৰ বৰদোৱাত পৰমপুৰুষে অৱতৰণ কৰি পূৰ্ণ মানৱী লীলা প্রদর্শনেৰে দেশ, জাতি, সাহিত্য, সংস্কৃতিকে আদি কৰি মানৱতাৰ সকলো উপাদানেৰে সমাজখন সংস্কাৰ কৰিবলৈ চেষ্টা কৰিছিল৷
গুৰুজনাৰ সংস্কাৰৰ মুখ্য উপাদান ভাওনা সংস্কৃতি। এই ভাওনা সংস্কৃতিকে প্রতিযোগিতামূলক ৰূপে বিশ্লেষণাত্মক দৃষ্টিভংগীৰে তুলি ধৰি, গুৰুজনাৰ ভাবৰাশিক নৱ মূল্যায়ন কৰি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ মানসেৰে শিৱসাগৰ জিলাৰ ধিতাইপুখুৰীৰ অনংগ মোহন সাংস্কৃতিক গোষ্ঠীয়ে জন্ম লগ্নৰ প্রথম বর্ষতে অহা ২৪ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈকে এখনি সদৌ অসম ভাওনা সমাৰোহ সাতদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে৷
শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ মুঠ ৬ ভাগী নামঘৰত ভ্ৰাম্যমাণ হিচাপে এই সদৌ অসম ভাওনা সমাৰোহ ১২ খনকৈ ভাওনা প্ৰদশিত হ’ব৷ এই সমাৰোহৰ প্ৰথমদিনা ২৪ অক্টোবৰত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব উদযাপন সমিতিৰ সভাপতি ৰমেন দত্তই৷ প্ৰথমদিনা ভাওনা খলা উদ্বোধনৰ পিছতে গোলাঘাট গোঞ্জমালি সাংস্কৃিতক গোষ্ঠীয়ে "ঔৰ্ব ঋষিৰ অভিশাপ দূৰ্বাশাৰ দৰ্পচূৰ্ণ" আৰু শিৱসাগৰৰ ত্ৰিমূৰ্তি শিল্পী সমাজে "কুশ বৰ্জন" ভাওনা পৰিবেশন কৰিব৷
দ্বিতীয় দিনা নাজিৰা সুদৰ্শন নাট্যগোষ্ঠীৰ দ্বাৰা "শকুনিৰ প্ৰতিশোধ দুৰ্যোধনৰ উৰুভংগ" আৰু শিৱসাগৰ অনিৰুদ্ধ শিল্পী সমাজৰ দ্বাৰা "অম্বাৰ দেহত্যাগ" ভাওনা পৰিবেশন কৰিব৷ তৃতীয়দিনা শিমলুগুৰি কেন্দ্ৰীয় নামঘৰত যোৰহাটৰ শিল্প সমাজে "সিন্ধুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ" আৰু যোৰহাট কৃষ্ণ শংকৰ শিল্পী সমাজে ''বিপ্ৰ দামোদৰ আখ্যান’’ ভাওনা ভাগি প্ৰদৰ্শন কৰিব৷
চতুৰ্থদিনা সন্ধ্যা লোনপুৰীয়া বিষ্ণুপুৰ বৰনামঘৰত ভেলেগুৰি শিল্পী সমাজে "মৎস্য অৱতাৰ" আৰু আমগুৰি মুৰুলী শিল্পী সমাজে "গজকেতু উপাখ্যান" পৰিবেশন কৰিব৷ পঞ্চম দিনা সন্ধ্যা বাকচু ভাটি চুবুৰী নামঘৰত যোৰহাট গুৰু শংকৰ নাট্যগোষ্ঠীয়ে "নাৰদৰ ব্ৰক্ষ্মতত্ব লাভ, বেদৱতী উপাখ্যান" আৰু শলগুৰি শংকৰী কলাকৃষ্টি কেন্দ্ৰৰ শিল্পীসকলে "কচ দেবযানী উপাখ্যান" ভাওনা প্ৰদৰ্শন কৰিব৷
ষষ্ঠ দিনা সন্ধ্যা গোমোঠা শংকৰদেৱ নামঘৰত "মুচুকুণ্ডৰ জনাৰ্দন দৰ্শন,জৰাসন্ধ বধ"ভাওনা ভাগি যোৰহাটৰ প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘই আৰু শিৱসাগৰ দিখৌমুখৰ ত্ৰিভংগী সাংস্কৃতিক গোষ্ঠীয়ে "বুধ তনয়ৰ সুৰভী প্ৰাপ্তি, হৰ গৌৰীৰ ৰুৰু সংহাৰ" ভাওনা প্ৰদৰ্শন কৰিব৷ অন্তিম দিনা অৰ্থাৎ সামৰণি দিনা গোমোঠাত সমাৰোহ তথা ভাওনা প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব৷ ৩০ অক্টোবৰৰ সন্ধ্যা অনঙ্গমোহন সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা "নৃসিংহ অৱতাৰ" পৰিবেশন কৰা হ’ব৷
ভাওনা সমাৰোহৰ কেওটা দিনত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতয়ে৷ ২২ অক্টোবৰত এই সন্দৰ্ভত শিমলুগুৰিত অনুষ্ঠিত কৰা সংবাদমেলত সভাপতি ৰমেন দত্ত, যুটীয়া সম্পাদক কাকুল দত্ত, অংশমান মহন্ত, কাৰ্যকৰী সভাপতি ৰাজেন শইকীয়াৰ লগতে নাট্যগোষ্ঠীৰ বিষয়ববীয়াসকল উপস্থিত থাকি সকলোৰে সহযোগ উপস্থিতি কামনা কৰে৷