/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-12/eqtbuflr/16.jpg)
ডিজিটেল সংবাদ,ভোমোৰাগুৰিঃ উৎসৱৰ আনন্দ-উল্লাসৰ মাজতে বটদ্ৰৱাৰ ভোমোৰাগুৰি পথাৰত এটা মৃতদেহ উদ্ধাৰ। মৃতদেহটো ভোমোৰাগুৰিৰ সমীপৱৰ্তী গেন্দুৱা পথাৰৰ কিতাব আলী নামৰ এজন কৃষকৰ।
বৃহস্পতিবাৰ পৰা সন্ধানহীন হৈ আছিল কৃষকজন। জানিব পৰা মতে, পথাৰৰ পৰা ঘাঁহ কাটিবলৈ বুলি ওলাই আহিছিল কিতাব আলী। শনিবাৰে পুৱা স্থানীয় ৰাইজে মৃতদেহটো পথাৰৰ মাজত দেখা পাই আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us