মঙলদৈত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ ভূমি পূজন অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...

অনুষ্ঠানত উপস্থিত থাকে দক্ষতা,নিয়োগ উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, দৰঙৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী উৰখাও ব্ৰহ্ম, সাংসদ দিলীপ শইকীয়া, পবিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক বসন্ত দাস, পৰমানন্দ ৰাজবংশী আদি

author-image
Asomiya Pratidin
New Update
মঙলদৈত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ ভূমি পূজন অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...

ভূমি পূজন অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল সংবাদ, মঙলদৈঃ এচিয়ান ডেভেলেপমেন্ট বেংকৰ অৰ্থ সাহাৰ্যত ১০০০ কোটি টকা ব্যয় সাপেক্ষে মঙলদৈত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ ভূমি পূজন কাৰ্যসূচী। বিশ্ববিদ্যালয় খনৰ দেওবাৰে ভূমি পূজন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Advertisment

জানিব পৰা মতে, বিশ্ববিদ্যালয় খনৰ পাঠ্যক্ৰমত বৃত্তি প্ৰস্তুত দক্ষতা, প্ৰামাণিক শিক্ষণ, চেম্পিয়ন শিক্ষা,স্ব-নিযুক্তিৰ বাবে উদ্যোগ ক্ষমতা আৰু মঞ্চ প্ৰদান কৰা আদিকে ধৰি ৯ টা বিভাগ আৰু পাঠ্যক্ৰম থকাৰ লগতে ৪ টা উৎকৰ্ষ সাধন প্ৰতিষ্ঠান থাকিব ।

উল্লেখ্য যে, অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ দ্বাৰা এছিয়ান ডেভেলপমেন্ট বেংকৰ পুঁজিৰে দক্ষতা শিক্ষা খণ্ডত এক অগ্রণী পদক্ষেপ হ'ব এই বিশ্ববিদ্যালয়খন ।

ভূমি পূজন
ভূমি পূজন

অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহঃ

১/ সমগ্র পূব ভাৰতত প্রথম দক্ষতা বিশ্ববিদ্যালয়।

২/ বিশ্বমানৰ অত্যাধুনিক বিশ্ববিদ্যালয়।

৩/ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সৈতে সামগ্রিক দক্ষতা শিক্ষা।

৪/ নমনীয়, একাধিক প্রবেশ-একাধিক প্রস্থান শিক্ষা ব্যৱস্থা।

৫/ সকলোৰে বাবে উপযুক্ত এখন বিশ্ববিদ্যালয়, বিদ্যালয় আধাতে সামৰা শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি স্নাতক আৰু স্নাতকোত্তৰ লৈকে উদ্যেগী আৰু কৰ্মক্ষেত্ৰত নিয়োজিত ব্যক্তি সকলোকে সামৰি ল'ব।

অনুষ্ঠানত মুখ্যমন্ত্ৰী
অনুষ্ঠানত মুখ্যমন্ত্ৰী

আনহাতে বিশ্ববিদ্যালয়ৰ খনৰ লক্ষ্য হৈছেঃ

১/ বৃত্তি -প্ৰস্তুত দক্ষতা পাঠ্যক্ৰম,

২/ প্ৰামাণিক শিক্ষন, চেম্পিয়ন শিক্ষা, উদ্যোগত সংযোগৰ বাবে মডেল বিকাশ শিক্ষা,

৩/ ষ্টাৰ্ট -আপ সমূহৰ উদ্ভাৱন কেন্দ্ৰ স্থাপন,

৪/ স্ব-নিযুক্তিৰ বাবে মঞ্চ প্ৰদান,

৫/ প্ৰশিক্ষণ আৰু অনুসৰি মানদণ্ড উন্নত কৰা,

৬/ স্থানীয় আৰু ৰাষ্ট্ৰীয় প্ৰয়োজনীয়তাৰ বাবে প্ৰতিভা বিকাশ, শিক্ষাৰ্থীৰ বাবে সামগ্ৰিক শিক্ষন।

প্ৰস্তাৱিত বিভাগীয় বিদ্যালয় সমূহঃ

১/কৃষি আৰু খাদ্য প্ৰযুক্তি বিদ্যালয়,

২/প্ৰযুক্তি বিদ্যালয়,ডিজাইন আৰু সৃষ্টিশীলতা, উৎপাদন আৰু নিৰ্মাণ, বহন ক্ষমতা, গতিশীল বিদ্যালয়, পৰিচালনা আৰু বিত্তীয় ব্যৱস্থাপনা।

৩/পৰ্যটন আতিথ্য আৰু সুস্থতা বিদ্যালয় আৰু স্বাস্থ্য সেৱা আদি বিভাগীয় বিদ্যালয়ৰ প্ৰস্তাৱ।

মুখ্যমন্ত্ৰীৰ লগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা,সাংসদ দিলীপ শইকীয়া, বিধায়ক পৰমানন্দ ৰাজবংশী
মুখ্যমন্ত্ৰীৰ লগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা,সাংসদ দিলীপ শইকীয়া, বিধায়ক পৰমানন্দ ৰাজবংশী

অনুষ্ঠান উপস্থিত থাকে দক্ষতা,নিয়োগ উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, দৰঙৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী উৰখাও ব্ৰহ্ম, সাংসদ দিলীপ শইকীয়া, পবিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক বসন্ত দাস, পৰমানন্দ ৰাজবংশী, মজিবৰ ৰহমান, দুৰ্গা দাস বড়ো আদি বহু সংখ্যক দলীয় নেতা-কৰ্মী উপস্থিত থাকে।

আনহাতে দৰং জিলাত মাটি পালে মেডিকেল কলেজ স্থাপন কৰিব বুলি ভাষণত মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাইজৰ আগত কোৱাৰ লগতে আজিৰ দিনত অসমৰ বৌদ্ধিক বুৰঞ্জীত স্বৰ্ণিল আখৰেৰে লিখা ৰ'ব বুলিও উল্লেখ কৰে।

assam govt assam skill mangaldai himanta biswa sama