বঙালমৰাৰ সান্দহখোৱাত প্ৰধানমন্ত্ৰী অমৃত সৰোবৰ আঁচনিৰ ভূমি পূজন সম্পন্ন...

তিনিটাকৈ পুখুৰীৰৰ ভূমি পূজন সম্পন্ন
lakhimpur
lakhimpur

ডিজিটেল সংবাদ লালুকঃ লখিমপুৰ জিলা পৰিষদৰ অধীনত কৰুণাবাৰী উন্নয়ন খণ্ডৰ বঙালমৰা গাঁও পঞ্চায়তৰ সান্দহখোৱাত আজি প্ৰধানমন্ত্ৰী অমৃত সৰোবৰ আঁচনিৰ তিনিটাকৈ পুখুৰীৰ খনন কাৰ্যৰ ভূমি পূজন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷ অমৃত সৰোবৰ আঁচনিৰ অধীনত বঙালমৰা গাঁও পঞ্চায়তৰ সান্দহখোৱাৰ লখিমী কৃষি বিকাশ কেন্দ্ৰই প্ৰদান কৰা ১২০ বিঘা মাটিত মীন বিভাগ,পঞ্চদশ বিত্তীয় আয়োগ আৰু এম জি এন ৰেগা আঁচনিৰ ৭৮ লাখ টকা ব্যয় কৰি চৰকাৰে তিনিটা পুখুৰী খান্দিব৷

আজি বঙালমৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ৰঞ্জন বৰাৰ নেতৃত্বত হোৱা অমৃত সৰোবৰৰ ভূমি পূজন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ক্ৰমে শ্ৰী শ্ৰী আদি এলেঙী সত্ৰৰ ডেকা সত্ৰাধিকাৰ বিমল দেৱ গোস্বামী,খ’ৰা পথাৰ সন্মিলিত যুৱ সমাজৰ সাধাৰণ সম্পাদক হেমচন্দ্ৰ বৰুৱা আৰু স্বাধীনতা সংগ্ৰামী পৰিয়ালৰ সদস্য ৰাজেন শইকীয়াই৷

এই তিনিওটা ভূমি পূজন কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জিলা মীন বিষয়া ৰাজেন হাজৰিকা, কৰুণাবাৰী খণ্ড উন্নয়ন বিষয়া কৰবী বুঢ়াগোহাঁই, কৰুণাবাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰাঞ্জল শইকীয়া,কৰুণাবাৰী মণ্ডল বিজেপিৰ সভাপতি ভৱেন শইকীয়া, উন্নয়ন খণ্ডৰ কণিষ্ঠ অভিযন্তা অনন্ত মহন্ত, এ ই নৰোত্তম বৰুৱা, বঙালমৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী যোগিতাৱলী পাৱে,ৱাৰ্ড সদস্য,লখিমী কৃষি বিকাশ কেন্দ্ৰৰ সভাপতি,সম্পাদক তথা স্থানীয় ৰাইজ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in