Advertisment

লক্ষীপুৰত ১০০ খন বিছনাযুক্ত চিকিৎসালয়ৰ ভূমি পুজন মন্ত্ৰী কৌশিক ৰায়ৰ..

মন্ত্ৰীত্ব লাভ কৰাৰ পিচতে গৃহ সমষ্টি লক্ষীপুৰত ১০০ খন বিছনাযুক্ত এখন নতুন হাস্পতালৰ ভূমি পূজণ কৰিলে ৰাজ্যৰ খাদ্য আৰু যোগান মন্ত্ৰী কৌশিক ৰায়ে।‌

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, শিলচৰ:  মন্ত্ৰীত্ব লাভ কৰাৰ পিচতে গৃহ সমষ্টি লক্ষীপুৰত ১০০ খন বিছনাযুক্ত এখন নতুন হাস্পতালৰ ভূমি পূজণ কৰিলে ৰাজ্যৰ খাদ্য আৰু যোগান মন্ত্ৰী কৌশিক ৰায়ে।‌

Advertisment

প্ৰথম বাৰৰ বাবে কাছাৰ জিলাৰ লক্ষীপুৰত স্থাপন হ'ব লগা জিলা পৰ্যায়ৰ ১০০ শয্যা বিশিষ্ট এই নতুন হাস্পতাল খনৰ যোৱা মাৰ্চ মাহত মুখ্যমন্ত্ৰীয়ে ভাৰ্চুৱেলি আধাৰ শিলা স্থাপন কৰাৰ পিচত মঙলবাৰে ইয়াৰ ভূমি পূজন কৰে খাদ্য মন্ত্ৰী তথা বৰাক উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে।

বিশ্ব বেংকৰ ১২৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব লগা এই হাস্পতাল খনত  অত্যাধুনিক সকলো চিকিৎসা সুবিধা উপলব্ধ হ'ব । আঠ মহলাৰ এই হাস্পতাল খনৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে গুৱাহাটীৰ মেচাৰ্ছ এচ বি পি কমাৰ্ছিয়েল প্ৰা: লি: নামৰ নিৰ্মাণ সংস্থাটোৱে । দু বছৰৰ ভিতৰত এই হাস্পতাল খনৰ নিৰ্মাণ সম্পুৰ্ণ হ'ব

লক্ষীপুৰত এনে এখন অত্যাধুনিক হাস্পতাল উপহাৰ দিয়া বাবে কৌশিক ৰায়ে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয়, শিলচৰ মেডিকেল কলেজ হাস্পতালৰ পিচতে লক্ষীপুৰৰ এই ১০০ শয্যা বিশিষ্ট জিলা হাস্পতাল খন কাছাৰৰ সৰ্ববৃহৎ আৰু অত্যাধুনিক হাস্পতাল‌ হ'ব

হাস্পতাল খনত 'মাডাৰ এণ্ড চাইল্ড কেয়াৰ ইউনিট',  বাৰ্ণ ইউনিট, ডাইলছিছ,তিনিখন ওটি, আই চি ইউ, ্ৰমা চেন্টাৰসহ অত্যাধুনিক চিকিৎসা সেৱাৰ সকলো সুবিধা থাকিব।‌  হাস্পতাল খন নিৰ্মাণৰ বাবে বিশ্ব বেংকৰ মঞ্জুৰিকৃত ১২৭ টকাৰ ভিতৰত প্ৰথম পৰ্যায়ত ১০৭ কোটি টকাৰে হাস্পতাল নিৰ্মাণ কৰা হ'ব। ২০ কোটি টকা চিকিৎসাৰ সা-সৰঞ্জাম ক্ৰয়ৰ বাবে জমা ৰখা হৈছে। হাস্পতাল নিৰ্মাণৰ পিচত এই সামগ্ৰী সমুহ ক্ৰয় কৰা হ'ব।‌

লাখ ৮৬ হাজাৰ বৰ্গফুট আকাৰৰ 'জি প্লাছ ছিক্স' হাস্পতাল ভৱনৰ বিপৰীতে চিকিৎসক নাৰ্চৰ কোৱাৰ্টাৰো নিৰ্মাণ কৰা হ'ব বুলি সদৰী কৰে মন্ত্ৰী গৰাকীয়ে।‌ জিলা আয়ুক্ত মৃদুল কুমাৰ যাদৱ, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আশুতোষ বৰ্মন, কাছাৰ জিলা বিজেপিৰ সভাপতি বিমলেন্দু‌ ৰয় আৰু লক্ষীপুৰ সম জিলা আয়ুক্ত ধ্ৰুবজ্যোতি পাঠকেও অনুষ্ঠাত ভাষণ প্ৰদান কৰে।

শিলচৰ কৌশিক ৰায়