/asomiyapratidin/media/media_files/2025/06/12/kRMOqpccNd6P1plon1xD.jpg)
ডিজিটেল ডেস্কঃ ৰাখে হৰি, মাৰে কোনে? অসমীয়াত প্ৰচলিত এই বাক্যশাৰীয়েই আজি হুবহু মিলি গ’ল ভূমি চৌহান নামৰ মহিলাগৰাকীৰ সৈতে। প্ৰতিদিনেই চহৰৰ দীঘলীয়া ট্ৰেফিকত আৱদ্ধ হৈ গালি-গালাজ কৰি থকা এই মহিলাগৰাকীয়ে আজি দীঘলীয়া ট্ৰেফিকক অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছে।
এই দীঘলীয়া ট্ৰেফিকৰ বাবেই তেওঁ এতিয়াও জীয়াই আছে। মানুহগৰাকী আজি লণ্ডনলৈ যোৱাৰ কথা আছিল। নিৰ্দিষ্ট সময়ত নিৰ্ধাৰিত বিমানখনত উঠি তেওঁ লণ্ডনত থকা নিজ স্বামীৰ কাষলৈ যোৱাৰ কথা।
সেই মতেই ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু আহমেদাবাদৰ দীঘলীয়া যানজঁটৰ মাজত তেওঁ ইমান বেয়াকৈ আৱদ্ধ হৈ পৰিল যে বহু চেষ্টা কৰিও নিৰ্ধাৰিত সময়ত বিমান বন্দৰত উপস্থিত হ’ব নোৱাৰিলে। ১০ মিনিট পলম হ’ল তেওঁৰ। কিন্তু দীঘলীয়া যানজঁট আৰু অতিৰিক্ত ১০ মিনিটেই তেওঁৰ জীৱন ৰক্ষা কৰিলে।
আহমেদাবাদৰ পৰা আজি দিনৰ ১-৩৮ বজাত যিখন বিমানত উঠি তেওঁ লণ্ডনলৈ যোৱাৰ কথা আছিল সেই বিমানখনেই উৰণ আৰম্ভ কৰাৰ ৫ মিনিট পিছত ভূপতিত হৈ সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিলে। সন্দেহ কৰা হৈছে বিমানখনত থকা আটাইকেইজন যাত্ৰী, পাইলট, সহ-পাইলট আৰু কেবিন ক্ৰুৰ মৃত্যু হৈছে।
তাৰ পিছতেই ভূমি চৌহানে নেদেখাজনক আৰু আহমেদাবাদৰ দীঘলীয়া যানজঁটক ধন্যবাদ জ্ঞাপন কৰিছে। এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত তেওঁ কয়, তেওঁ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে।
কপা কপা মাতেৰেই তেওঁ কয়, জীৱন হেৰুৱাৰ কথা শুনি মই সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছো। মোৰ শৰীৰটো আক্ষৰিক অৰ্থত কঁপি আছে। মই কথা ক'ব পৰা নাই।"
তেওঁ নিজকে "ভাগ্যৱান" অনুভৱ কৰিছে বুলি উল্লেখ কৰি আৰু কয়, ঈশ্বৰৰ হস্তক্ষেপৰ বাবেই তেওঁ আজি ৰক্ষা ঈশ্বৰৰ ওচৰত মই কৃতজ্ঞ। মোৰ গণপতি বাপ্পাই মোক ৰক্ষা কৰিলে।"
তেওঁ জনোৱা অনুসৰি দুবছৰৰ পূৰ্বে তেওঁ ভাৰতলৈ আহিছিল। লণ্ডনতে থাকে তেওঁৰ স্বামী। আজি স্বামীৰ কাষলৈকে অকলেই যোৱাৰ কথা আছিল। কিন্তু ১০ মিনিট পলম হোৱাৰ বাবে তেওঁ বিমানখনত উঠিব নোৱাৰিলে।
তেওঁ জীৱন ৰক্ষা কৰা সেই দহ মিনিটৰ কথা উল্লেখ কৰি কয়, "কেৱল সেই দহ মিনিটৰ বাবেই মই বিমানত উঠিব নোৱাৰিলোঁ। এই কথাটো মই কেনেকৈ বুজাম সেয়াও নাজানো।"