ভূপালৰ পৰিত্যক্ত এলেকাত সোণ আৰু টকাৰ পাহাৰ ! আয়কৰ বিভাগ আৰু আৰক্ষীৰ যৌথ অভিযান...

টকা আৰু টকা। বাণ্ডিলে বাণ্ডিলে উদ্ধাৰ হৈছে কেৱল টকা।একেদৰে উদ্ধাৰ হৈছে বহু পৰিমাণৰ সোণ। পাহাৰসদৃশ হৈ পৰিছে কেৱল টকা আৰু সোণেৰে। মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ এটা পৰিত্যক্ত এলেকাত আয়কৰ বিভাগে অভিযান চলাই উদ্ধাৰ কৰিছে কেইবা কোটি টকাৰ লগতে সোণ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
bhopal

bhopal

ডিজিটেল ডেস্ক : টকা আৰু টকা। বাণ্ডিলে বাণ্ডিলে উদ্ধাৰ হৈছে কেৱল টকা। একেদৰে উদ্ধাৰ হৈছে বহু পৰিমাণৰ সোণ। পাহাৰসদৃশ হৈ পৰিছে কেৱল টকা আৰু সোণেৰে। মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ এটা পৰিত্যক্ত এলেকাত আৰক্ষী আৰু আয়কৰ বিভাগে অভিযান চলাই উদ্ধাৰ কৰিছে কেইবা কোটি টকাৰ লগতে সোণ।

Advertisment

আয়কৰ বিভাগৰ তথ্য অনুসৰি উক্ত এলেকাটোৰ এখন পৰিত্যক্ত বাহনৰ পৰা উদ্ধাৰ কৰা হৈছে এই ধন। কেৱল ইমানেই নহয় উক্ত বাহনখনৰ পৰা উদ্ধাৰ হৈছে ৫২ কেজি সোণ।

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে এক গোপন সূত্ৰই আৰক্ষীক মেণ্ডোৰীৰ সমীপৰ হাবিত এখন গাড়ীখনত টকা আৰু সোণ থকা বুলি অৱগত কৰিছিল। ইয়াৰ পাছতে উক্ত স্থানত আৰক্ষীয়ে অভিযান চলাইছিল। তাৰ পাছতে আৰক্ষীয়ে খবৰ দিছিল আয়কৰ বিভাগক।

আৰক্ষী সূত্ৰে এই খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈছিল আয়কৰ বিভাগ। লগে লগে আৰক্ষীৰ সহযোগত আয়কৰ বিভাগে তালাচী চলাই পৰিত্যক্ত অৱস্থাত থকা বাহনখনৰ পৰা নগদ ১০ কোটি টকা আৰু সোণৰ বিস্কুট জব্দ কৰে।

উল্লেখ্য যে বিগত দুদিন ধৰি আয়কৰ বিভাগ আৰু আৰক্ষীয়ে যৌথভাৱে ভূপালৰ বিভিন্ন স্থানত তালাচী অভিযান চলাই আছে। ইয়াৰ পূৰ্বে আয়কৰ বিভাগে ভূপাল আৰু ইন্দোৰৰ এটা নিৰ্মাণ কোম্পানীৰ ৫১টা স্থানত তালাচী চলাইছিল।

bhopal income tax raid