/asomiyapratidin/media/media_files/2025/02/28/SlsdhoKjtb6z1iLwP8yH.jpg)
বিনাকান্দিত ৩৫ কোটি টকা ব্যয়েৰে মডেল ডিগ্ৰী কলেজৰ ভূমি পূজন মন্ত্ৰী কৌশিক ৰায়ৰ
ডিজিটেল সংবাদ, শিলচৰ : এডভান্টেজ আছামৰ অংশ হিচাপে কাছাৰ জিলাত প্ৰায় ৩০০ কোটি টকাৰ বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে স্থানীয় ব্যৱসায়ী আৰু উদ্যোগপতিসকলে। ইতিমধ্যে কেইবাখনো চুক্তিত স্বাক্ষৰো কৰিছে উদ্যোগপতিসকলে।
/asomiyapratidin/media/media_files/2025/02/28/OBtETPAJV8QlvVlbJVS6.jpg)
ইয়াৰ জৰিয়তে কাছাৰ জিলা বিশেষভাৱে উপকৃত হ'ব । ভৱিষ্যতে ৰাজ্যৰ বাহিৰৰ বিনিয়োগকাৰীসকলকো কাছাৰ জিলাত বিনিয়োগ কৰিবলৈ আহ্বান জনোৱা হৈছে। বৃহস্পতিবাৰে নিজৰ গৃহ সমষ্টি লক্ষীপুৰৰ বিনাকান্দিত এখন নতুন মডেল ডিগ্ৰী কলেজৰ ভূমি পূজন কৰি এই মন্তব্য কৰে খাদ্য আৰু যোগান তথা বৰাক উন্নয়ণ বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে।
/asomiyapratidin/media/media_files/2025/02/28/n4bECjrBhaPebll87vuK.jpg)
৩৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিব লগা এই মডেল ডিগ্ৰী কলেজৰ ভূমি পূজন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে জি প্লাছ টু আৰ্হিৰে নিৰ্মাণ হ'ব লগা কলেজখনত কলা, বিজ্ঞান আৰু বাণিজ্য তিনিওটা শাখাত পাঠদান হ'ব। ৭৯ হাজাৰ বৰ্গ ফুট ব্যাসাৰ্ধৰ কলেজখনৰ নিৰ্মাণৰ কাম ২বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব।
/asomiyapratidin/media/media_files/2025/02/28/EilM9oTOlK4jwDcNXDrP.jpg)
অহা ২০২৭-২৮ শিক্ষাবৰ্ষৰ পৰা এই নতুন মডেল ডিগ্ৰী কলেজত পাঠদান আৰম্ভ হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰী কৌশিক ৰায়ে। অনুষ্ঠানত জিলা আয়ুক্ত মৃদুল কুমাৰ যাদৱ, লক্ষীপুৰ সমজিলাৰ আয়ুক্ত ধ্ৰূবজ্যোতি পাঠকসহ শিক্ষা আৰু লোক নিৰ্মাণ বিভাগৰ কেইবাজনো বিষয়া উপস্থিত থাকে।