ফুলবাৰীত সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় অধিৱেশন সম্পন্ন

অসম ভোজপুৰী পৰিষদৰ অধিবেশন খনিৰ মঙলবাৰে অন্তিম দিনাৰ মূল সভাৰ মূখ্য অতিথিৰ আসন অলংকৃত কৰে অসম বিধান সভাৰ উপাধ্যক্ষ নোমল মমিনে। অনুষ্ঠানৰ ভাষন প্ৰসংগত কয় যে, ভোজপুৰী সকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ ৷

author-image
Asomiya Pratidin
New Update
M,,M

ডিজিটেল সংবাদ,ৰঙাপৰা:  ৰঙাপৰাৰ ফুলবাৰীত অনুষ্ঠিত সদৌ অসম ভোজপুৰী পৰিষদৰ ষষ্ঠতম ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিবেশন কালি সন্ধিয়া সফল সমাপ্তি ঘটে ৷ তিনিদিনীয়া কৈ অনুষ্ঠিত অধিবেশন খনিৰ মঙলবাৰে অন্তিম দিনাৰ মূল সভাৰ মূখ্য অতিথিৰ আসন অলংকৃত কৰে অসম বিধান সভাৰ উপাধ্যক্ষ নোমল মমিনে। অনুষ্ঠানৰ ভাষন প্ৰসংগত কয় যে, ভোজপুৰী সকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ ৷

Advertisment

ইয়াৰ পিছতে ভোজপুৰী সকলৰ বিভিন্ন সমস্যা সমাধানকল্পে অসম চৰকাৰৰ প্ৰতি এখন স্মাৰকপত্ৰ বিধান সভাৰ উপাধ্যক্ষ গৰাকীক প্ৰদান কৰা হয় ৷ কৈলাস কুমাৰ গুপ্তাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰি  “পুৰবাইয়া” নামৰ এখন  স্মৰণিকা উন্মোচন কৰে বড়ো সাহিত্য সভাৰ উপ সভাপতি প্ৰশান্ত বড়োৱে।সভাত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীৰ লগতে বহুকেইগৰাকী গণ্য মাণ্য ব্যক্তিয়ে।

অসম ভোজপুৰী পৰিষদ