উৰুকাৰ আয়োজনত ব্যস্ত চহা অসমীয়া

আপোন ঘৰখনলৈ বুলি ঢাপলি মেলিছে বহুজন। মনত এটাই আশা- উৰুকাৰ নিশা পৰিয়ালৰ সকলোৱে মিলি জুতিৰে এসাঁজ খাব। হিমসনা শীতত জুইকুৰাৰ উম লৈ সকলোৱে মিলি লগে- ভাগে খাব উৰুকাৰ ভাতসাঁজ। 

author-image
Asomiya Pratidin
New Update
uruka

uruka

ডিজিটেল ডেস্ক : আজি ভোগালীৰ উৰুকা। উৰুকাৰ নিশা লগে ভাগে, হাঁহি আৰু ধেমালিৰে এসাঁজ খোৱাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে প্ৰস্তুতি। শীতৰ আঁচলত ধৰি অহা ভোগালীক লৈ ব্যস্ত হৈ পৰিছে চহা অসমীয়া। 

আপোন ঘৰখনলৈ বুলি ঢাপলি মেলিছে বহুজন। মনত এটাই আশা- উৰুকাৰ নিশা পৰিয়ালৰ সকলোৱে মিলি জুতিৰে এসাঁজ খাব। হিমসনা শীতত জুইকুৰাৰ উম লৈ সকলোৱে মিলি লগে- ভাগে খাব উৰুকাৰ ভাতসাঁজ। 

কাহিলী পুৱাতেই ওলাই গৈছে বজাৰ লৈ বুলি, হাতত মোনাখন লৈ। ব্যাপক মূল্যবৃদ্ধিৰ মাজতো বজাৰত উভৈনদী হৈ পৰিছে বিবিধ সামগ্ৰী। মাছ- মাংস, শাক- পাচলি, লাৰু- পিঠা ইত্যাদিৰে ভৰি পৰিছে বজাৰ। মুঠৰ ওপৰত মনৰ দুখ- বেজাৰ, অসূয়া- অপ্ৰীতি পাহৰি আনন্দ মনেৰে লগ লাগি খাব শান্তিৰ এসাঁজ ভাত। কিয়নো আজি যে উৰুকা...

uruka bhogali bihu bhogali