/asomiyapratidin/media/media_files/2025/01/10/8noRR3nFqkjKUkoQp3eg.jpg)
উৰিয়াগাঁৱত ভোগালী মেলাৰ আয়োজন
ডিজিটেল সংবাদ, উৰিয়াগাঁও : অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সহযোগত শুকুৰবাৰৰ পৰা উৰিয়াগাঁৱৰ খেলপথাৰত ভোগালী মেলা আৰু আনন্দ মেলাৰ আয়োজন কৰা হৈছে। বন্তি প্ৰজ্জ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ।
/asomiyapratidin/media/media_files/2025/01/10/ReIG5UzkbK1AZRa93RGg.jpg)
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ আত্মসহায়ক গোটসমূহক উদ্দেশ্যি বিধায়কগৰাকীয়ে কয়- "নাৰী শক্তিৰ সবলীকৰণত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ গুৰুত্ব অপৰিসীম। অসম চৰকাৰে নাৰী সবলীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে।
/asomiyapratidin/media/media_files/2025/01/10/oMrZSzUSqywLIGd8wIy9.jpg)
উল্লেখযোগ্য যে আজিৰ মেলাত উপস্থিত থাকে নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নগাঁও জিলাৰ প্ৰকল্প প্ৰৱন্ধক চন্দন তালুকদাৰ, বঢ়মপুৰ খণ্ড প্ৰকল্প প্ৰৱন্ধক চন্দন বৰবৰা, ডিষ্ট্ৰিকট ফাংচনেল এক্সপাৰ্ট প্ৰিয়ম কলিতা আৰু খণ্ড সমন্বয়ক দুলাল হাজৰিকা। এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত বিগত বৰ্ষসমূহতো ভোগালী মেলা অনুষ্ঠিত কৰি অহা হৈছে।
/asomiyapratidin/media/media_files/2025/01/10/zUfXl43OnL94G51RBkhy.jpg)
ইফালে ভোগালী বিহু উপলক্ষে উৰিগাঁওবাসীয়ে লৈছে আন এক পদক্ষেপ। অসমীয়াৰ অতিকৈ আপোন ভোগালী বিহুটি জাতীয় পৰম্পৰা আৰু সংস্কৃতিৰে পালন কৰিবলৈ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। উক্ত খেলপথাৰতে ২৯ পুহৰ পৰা ১ মাঘলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ভোগালী বিহু উদযাপনৰ দিহা কৰিছে উৰিয়াগাঁওবাসীয়ে ।
/asomiyapratidin/media/media_files/2025/01/10/admg9I9C7EOoGDN0dORn.jpg)
এইকেইটা দিনত হেৰাই যাব ধৰা অসমীয়া খাদ্য সম্ভাৰ, খেলা- ধূলা আদি প্ৰদৰ্শনৰ দিহা কৰা বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি এটা ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰা হ'ব বুলি সমিতিয়ে জানিবলৈ দিয়ে ।
/asomiyapratidin/media/media_files/2025/01/10/OLiVm3RdK937zp6Ext1J.jpg)
উল্লেখযোগ্য যে ভোগালী বিহু উপলক্ষে আয়োজন কৰা আটাইকেটা কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে ৰাইজৰ সহায়-সহযোগিতা তথা দিহা-পৰামৰ্শৰ লগতে উপস্থিতি কামনা কৰিছে আয়োজক সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বণিয়া আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰবোধ কুমাৰ বৰাই।