ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত ভোগালী মেলা-২০২৫ৰ শুভাৰম্ভণি

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু জীৱিকা অভিযানৰ ধুবুৰী জিলা গোটৰ সহযোগত শুকুৰবাৰে ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত ভোগালী মেলা-২০২৫ৰ শুভাৰম্ভণি কৰা হয়

author-image
Asomiya Pratidin
New Update
ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত ভোগালী মেলা-২০২৫ৰ শুভাৰম্ভণি

ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত ভোগালী মেলা-২০২৫ৰ শুভাৰম্ভণি

ডিজিটেল সংবাদ, ধুবুৰী : অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু জীৱিকা অভিযানৰ ধুবুৰী জিলা গোটৰ সহযোগত শুকুৰবাৰে ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত ভোগালী মেলা-২০২৫ৰ শুভাৰম্ভণি কৰা হয়। ১০ জানুৱাৰীৰ পৰা ১২ জানুৱাৰী লৈকে মুঠ তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হোৱা ভোগালী মেলাৰ শুভ উদ্বোধন কৰে ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথে। 

এই উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত আজি জিলাখনৰ অতিৰিক্ত আয়ুক্ত শান্তনা বৰা, ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, ধুবুৰী জিলা মীন বিষয়া ইব্ৰাহীম আলী খান, ধুবুৰীৰ সহকাৰী আয়ুক্ত বাবলী দাসকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আত্মসহায়ক গোটৰ সদস্যাসকল উপস্থিত থাকে। 

ইপিনে ভোগালী মেলা থলীতে আজিৰে পৰা তিনিদিন ধৰি আত্মসহায়ক গোটৰ সদস্যাসকলে বিভিন্ন খাদ্য সামগ্ৰী, নিত্য প্ৰয়োজনীয় সা-সমগ্ৰী আদিৰ বিক্ৰীৰ বাবে বিপণী খোলাও দেখা গৈছে। জিলা আয়ুক্ত দিবাকৰ নাথে সেই বিপণীসমূহৰ পৰিদৰ্শন কৰি মহিলা আত্মসহায়ক গোটৰ সদস্যাসকলক উৎসাহিত কৰা দেখা যায়।

bhogali mela