/asomiyapratidin/media/media_files/2025/01/14/ecuZcibByIWMjlzvYapM.jpg)
ডিজিটেল ডেস্কঃ ৩০ বছৰৰ অন্তত সোণাপুৰৰ কচুতলিত জ্বলিল মাঘৰ মেজি । কচুতলিৰ উচ্ছেদ অভিযানৰ পিছত এইবাৰ উলহ মালহৰে মেজিঘৰ সাজে অঞ্চলটোৰ খিলঞ্জীয়া ৰাইজে । মঙলবাৰে পুৱা অঞ্চলটোৰ ৰাইজে মেজিত জুই লগাই অগ্নি সেৱা কৰি সকলোৰে অপায়-অমংগল নাশ কৰিবলৈ আশীৰ্বাদ লয় ।
অঞ্চলটোৰ ৰাইজে নাম-প্ৰসংগ কৰাৰ উপৰিও দৈ-চিৰা,লাড়ু-পিঠা খাই ভোগালী বিহু উলহ মালহৰে উদযাপন কৰে । কচুতলিত সন্দেহজনক লোকৰ ব্যাপক আগ্ৰাসনৰ বাবে অঞ্চলটোৰ খিলঞ্জীয়া লোকসকলে খেতি-বাতি চপোৱাৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হৈ অহাৰ লগতে গৰু-ম’হ পালন কৰাৰ ক্ষেত্ৰতো দীৰ্ঘদিন ধৰি সমস্যাৰ সন্মুখীন হৈ আহিছিল ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us