Advertisment

জামুগুৰিহাটৰ হাটিঙা ৰত্নপুৰ গাঁৱত ভোগালী উৎসৱ উদযাপন....

ৰত্নপুৰ ৰঙ্গমঞ্চত আয়োজন কৰা এই ব্যতিক্ৰমী অনুষ্ঠানত ৰত্নপুৰ গাঁৱৰ সকলো শ্ৰেণীৰ ৰাইজে অংশগ্ৰহণ কৰে ৷ সম্বৰ্ধনা অনুষ্ঠানৰ অন্তত সকলোৱে মিলি ভোগালী জলপানো গ্ৰহণ কৰে ৷

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে জামুগুৰিহাটৰ হাটিঙাৰ ৰত্নপুৰ গাঁৱতো উলহ-মালহেৰে ভোগালী উৎসৱ উদযাপন কৰা হয় ৷ এই উদ্দেশ্যৰে পুৱা জ্যেষ্ঠজনৰ আৰ্শীৰ্বাদ গ্ৰহণ কৰি সমাজৰ মঙ্গল কামনা কৰে ৰত্নপুৰ গাঁৱৰ যুৱক-যুৱতী সকলে ৷

Advertisment

হাটিঙা  ৰত্নপুৰ গাঁৱৰ যুৱক-যুৱতী সকলে গাঁওখনৰ চল্লিশ গৰাকীকৈ বয়োবৃদ্ধক একত্ৰিত কৰি ধৰ্মীয় ৰীতি-নীতিৰে তথা পৰম্পৰা ৰক্ষা কৰি সমূহীয়াভাৱে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে জ্যেষ্ঠজনৰ পৰা আশীষ গ্ৰহণ কৰে ৷

ৰত্নপুৰ ৰঙ্গমঞ্চত আয়োজন কৰা এই ব্যতিক্ৰমী অনুষ্ঠানত ৰত্নপুৰ গাঁৱৰ সকলো শ্ৰেণীৰ ৰাইজে অংশগ্ৰহণ কৰে ৷ সম্বৰ্ধনা অনুষ্ঠানৰ অন্তত সকলোৱে মিলি ভোগালী জলপানো গ্ৰহণ কৰে ৷

ভোগালী বিহু