ডিজিটেল সংবাদ, মঙলদৈ : সমগ্ৰ ৰাজ্যৰ লগতে মঙলদৈ চহৰতো আগন্তুক ভোগালী বিহুৰ ব্যাপক আয়োজন কৰা পৰিলক্ষিত হৈছে । মঙলদৈ ভোগালী বিহু উদযাপন -২০২৫ ৰ উদ্যোগত ১২ , ১৩ আৰু ১৪ জানুৱাৰী ২০২৫ ত তিনিদিনীয়া বৰ্ণাঢ্য কায্যসূচীৰে ভোগালী বিহু উৎযাপন কৰা হ’ব ।
এই উপলক্ষে ডাঃ অৰবিন্দ ডেকাক সভাপতি, বিশিষ্ট সাহিত্যিক চহিৰ ভূঞাক কায্যকৰী সভাপতি, ড০ মৃন্ময় নাথ, ৰানা আলম, বিপুল মহন্তক উপ সভাপতি, মুকুট ৰাজ শৰ্মা আৰু খনিন্দ্ৰ ৰাজবংশীক সাধাৰণ সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে। ইয়াৰ উপৰি লক্ষীনন্দন কলিতা, শেখৰ মজুমদাৰ, দীপেন বৰুৱাক এই সমিতিত সহ সম্পাদক হিচাপে দায়িত্ব দিয়া হৈছে।
তাৰোপৰি শৈলেন শৰ্মা বৰুৱাক সভাপতি আৰু শংকৰ কাকতিক সম্পাদক হিচাপে লৈ স্মৰণীকা উপ সমিতি গঠনৰ লগতে গিৰিধৰ কলিতাক সভাপতি , উজ্জ্বল ডেকা আৰু পাৰ্থ ডেকাক সম্পাদক হিচাপে লৈ ভেলাঘৰ নিৰ্মাণ সমিতিও গঠন কৰা হয় । ভোগালী বিহু উপলক্ষে শুকুৰবাৰে সন্ধিয়া কায্যকৰী সভাপতি চহিৰ ভূঞাৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয় ।
সাধাৰণ সম্পাদক খনিন্দ্ৰ ৰাজবংশীয়ে আঁত ধৰা সভাখনত ১২ জানুৱাৰীত সন্ধিয়া ৫-০০ বজাৰ পৰা গীতে- মাতে এসন্ধ্যা অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । উক্ত অনুষ্ঠানত দৰঙী কলা কৃষ্টি প্ৰদৰ্শনৰ লগতে স্থানীয় শিল্পীসকলে গীত পৰিবেশন কৰিব ।
আনহাতে উক্ত অনুষ্ঠানতে ভোগালী বিহুৰ তাৎপৰ্য সম্পৰ্কে বক্তব্য প্ৰদান কৰিবলৈ বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । অনুষ্ঠান লৈ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, মঙলদৈৰ বিধায়ক বসন্ত দাস, প্ৰাক্তন বিধায়ক গুৰুজোতি দাস, ছিপাঝাৰৰ বিধায়ক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশী, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলাকান্ত বৰা, বিশিষ্ট সাহিত্যিক ড০ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, দৰং জিলা সাহিত্য সভাৰ সম্পাদক বসন্ত শইকীয়া, নৱনিৰ্বাচিত সম্পাদক মৃনাল ৰাজবংশী, আছুৰ ৰাজ্যিক কায্যনিৰ্বাক পৰাগ চহৰীয়া, যুৱ ছাত্র পৰিষদৰ ভৱেশ কাকতি আৰু মঙলদৈ প্ৰেছ ক্লাৱৰ সভাপতি হোমেন কাকতিক আমন্ত্ৰণ জনোৱা হৈছে । নিশা ৭-০০ বজাৰ পৰা ভোগালীৰ প্ৰীতি ভোজৰ আয়োজন কৰা হৈছে।
আনহাতে ১৩ জানুৱাৰীত সন্ধিয়া পৰম্পৰা অনুসৰি উৰুকা পালন কৰা হ’ব । আনহাতে ১৪ জানুৱাৰীত পুৱা ৮ বজাত ভেলাঘৰ আৰু মেজি প্ৰজ্বলন কৰা হ’ব । উক্ত ভোগালী উৎসৱ লৈ সকলো ৰাইজৰ সহায়- সহযোগিতা আয়োজক সমিতিয়ে কামনা কৰিছে ।