ডিজিটেল সংবাদ, নগাঁও : কলঙৰ বাকৰি নেহৰুবালিত উদযাপন কৰি অহা ঐতিহ্যমণ্ডিত নগাঁও ভোগালী বিহু উৎসৱে এইবাৰ ১১২ বছৰত ভৰি দিলে। সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতিৰ উদ্যোগত উদযাপন কৰি অহা এই ভোগালী বিহু সমন্বয় আৰু সংহতিৰ নিদৰ্শন হিচাপে বিবেচিত হৈ আহিছে।
বিগত বৰ্ষসমূহৰ তুলনাত এইবাৰ নগাঁৱৰ এই ভোগালী বিহু অধিক জনমুখী কৰাৰ প্ৰয়াস কৰিছে উদযাপন সমিতিয়ে। এইবাৰ বিহু উৎসৱত নতুন সংযোজন হৈছে বৰশীবোৱা, নাওখেল আৰু ষ্ট্ৰংমেন প্ৰতিযোগিতা। নাওখেল আৰু বৰশীবোৱা প্ৰতিযোগিতাৰ বাবে নগাঁও চহৰৰ গাতে লাগি থকা মৰিকলং বিলক আকৰ্ষণীয় ৰূপত সজাই তোলা হৈছে।
উল্লেখযোগ্য যে ১৩ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰী লৈ ৭ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে ভোগালী বিহু উদযাপিত হ’ব বৃহত্তৰ অঞ্চলটোত। উদ্যোক্তাই জনোৱা অনুসৰি ১৩ জানুৱাৰীৰ বিয়লি আত্মসহায়ক গোটৰ বিপণী আৰু প্ৰদৰ্শনী মুকলি কৰিব বিহু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই। লগতে তেওঁ বিহু উৎসৱৰো শুভাৰম্ভ কৰিব।
সন্ধিয়া ভেলাঘৰত নাম কীৰ্ত্তন পৰিৱেশন কৰা হ’ব। একেদৰে ১৪ জানুৱাৰীত পুৱা ৰাজ্যিক শিশু আৰু নাৰী গৃহৰ আবাসীক বিহুৰ জলপান বিতৰণ, বিহুৰ পতাকা উত্তোলন, মেজি প্ৰজ্বলন, স্মৃতিগ্ৰন্থ উন্মোচনী সভা, বয়োজ্যেষ্ঠ নাগৰিকক শ্ৰদ্ধা জ্ঞাপন কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব।
ইয়াৰ উপৰি সমূহীয়া জলপান গ্ৰহণ অনুষ্ঠান, দুপৰীয়া ল'ৰা- ছোৱালীৰ খেল ধেমালি, হেমা দাস সোঁৱৰণী মুকলি কুইজ প্ৰতিযোগিতা আৰু সন্ধিয়া স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। আনহাতে ১৫ জানুৱাৰীৰ পুৱা চাইকেল চালনা প্ৰতিযোগিতা, সাংস্কৃতিক শোভাযাত্ৰা, গীতা দাস সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা, দীপ শৰ্মা সোঁৱৰণী ভূপেন্দ্ৰ সংগীত আৰু কৃষ্ণৰাম বৰা সোঁৱৰণী জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
বিয়লি বিয়ানাম প্ৰতিযোগিতা আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাই জনায়। আনহাতে ১৬ জানুৱাৰীৰ পুৱা গোলোক চন্দ্ৰ দাস সোঁৱৰণী স্ব-নিৰ্বাচিত কবিতা আবৃত্তি, গোলাপ বৰা সোঁৱৰণী আধুনিক গীতৰ প্ৰতিযোগিতা, বিয়লি খেল ধেমালি, প্ৰাইজমানী ভলীবল প্ৰতিযোগিতা, সন্ধিয়া বলেন শৰ্মা সোঁৱৰণী সদৌ অসম ভিত্তিত অসম কুঁৱৰী বিহু নাচ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
ইফালে ১৭ জানুৱাৰীত চহৰৰ ঢাকাইপট্টীত থকা জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমুৰ্তিত মাল্য প্ৰদান, মহিলাসকলৰ মাজত পিঠা- পনা, ৰীণা শইকীয়া সোঁৱৰণী জ্যোতি সংগীত, পদ্ম বৰা সোঁৱৰণী বিষ্ণুৰাভা গীতৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত হ’ব। ১৮ জানুৱাৰীৰ পুৱা মৰিকলং বিলত বৰশীবোৱা প্ৰতিযোগিতাকে ধৰি কেইবাটাও প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ উপৰি বিয়লি ষ্ট্ৰংমেন প্ৰতিযোগিতা আৰু সন্ধিয়া সদৌ অসম ভিত্তিত একাংক নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰিব উদ্যোক্তাসকলে।
একেদৰে ১৯ জানুৱাৰীত পুৱা মৰিকলং বিলত নাওখেল প্ৰতিযোগিতা আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানেৰে বিহু উৎসৱৰ সামৰণি পৰিব। এইবাৰ বিহু উদযাপন সমিতিয়ে হাতী - মানুহৰ সংঘাত সম্পৰ্কীয় এক সজাগতামূলক প্ৰদৰ্শনী, জনগোষ্ঠীয় লোকৰ চাংঘৰ প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ভোগালী বিহু উৎসৱৰ সকলো কাৰ্যসূচীত ৰাইজৰ সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ তামুলী ফুকন , কাৰ্যকৰী সভাপতি তথ্য বিধায়ক ৰূপক শৰ্মা আৰু সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ বৰাই।