/asomiyapratidin/media/media_files/2025/01/15/jCWbIaTvegeshNbGy9uU.jpg)
ডিজিটেল ডেস্কঃ নগাঁও জিলাৰ উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবছৰো ১৩ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হোৱা অষ্টম বাৰ্ষিক ভোগালী উৎসৱৰ আজি বিয়লি সামৰণি পৰে। নগাঁও বাইপাছ চ’কৰ সমীপৰ উৰিয়া গাঁও খেলপথাৰত নিভাঁজ অসমীয়া পৰম্পৰাৰে হেৰাই যাব খোজা ৰীতি-নীতি, খাদ্য সম্ভাৰ খেলা-ধূলা পুনৰাই সজ্জীৱিত কৰাৰ উদ্দেশ্যৰে আয়োজন কৰা ভোগালী উৎসৱৰ প্ৰথমদিনা সন্ধ্যা ভেলাঘৰত নাম প্ৰসংগ, দিহা নাম আৰু নিশা আয়োজন কৰা হয় উৰুকাৰ ভোজভাত।
১৪ জানুৱাৰীত পুৱা মেজি প্ৰজ্বলন আৰু অগ্নিসেৱাৰ অন্তত বিহুৰ পতাকা উত্তোলন কৰে উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়াই।উৰিয়া গাঁওস্থিত শ্বহীদ বেদীৰ নিৰ্মাতা সন্ত বৰাৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ কৰে উন্নয়ন সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰবোধ কুমাৰ বৰা আৰু সমাজকৰ্মী প্ৰভাত বৰাই। পুৱা ৮ বজাত জাতীয় পৰম্পৰাৰে বয়োজ্যেষ্ঠজনৰ সেৱা আৰু আৰ্শীবাদ গ্ৰহণ, বিহুৰ সমূহীয়া জলপান গ্ৰহণৰ পিছতেই বিভিন্ন পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া অনুষ্ঠিত হৈছিল একক নৃত্য প্ৰতিযোগিতা ।
১৫ জানুৱাৰীত দুপৰীয়া বঁটা বিতৰণী আৰু ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান অনুষ্ঠিত হয়। সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক তথা উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ মুখ্য উপদেষ্টা প্ৰকাশ মহন্তই ভাষণত কয়, মাঘৰ বিহুত আমি অগ্নিক পূজা কৰো। অগ্নিয়ে আমাক উত্তাপ,পোহৰ আৰু আলোক দিয়ে।সূৰ্যই আমাক পোহৰ দিয়ে।সেই আলোকৰ যাত্ৰাৰে আমি আগবাঢ়ি যাওঁ।
উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া আৰু উপ সভাপতি ৰাজ হাজৰিকাই আঁত ধৰা সভাখনত ভাষণ প্ৰসংগত মহন্তই লগতে কয়, এই খেল পথাৰত বিহু পতা আৰু খেল পতা আমাৰ মূল উদ্দেশ্য নাছিল।অনুষ্ঠান এটা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সময়ে সময়ে বিভিন্ন বাধা বিঘিনি আহে।কোনোবাই কেতিয়াবা তাৰ বিৰোধিতা কৰে।কোনোবাই তাক এৰি থৈ আগবঢ়াই দিযাৰ প্ৰেৰণাৰ পৰিবৰ্তে হতাশগ্ৰস্ততাৰ সৃষ্টি কৰে। কিন্তু কাৰোবাৰ অনুপস্থিতিৰ বাবে আমাৰ উদ্দেশ্য পূৰণৰ ক্ষেত্ৰত হেঙাৰ সৃষ্টি হ’ব নোৱাৰে। আমি সকলো একত্ৰিত হৈ বিকাশ,প্ৰগতি আৰু সংহতিৰ বাটেৰে অঞ্চলটোক উন্নয়নৰ ক্ষেত্ৰত আগুৱাই লৈ যাব লাগিব।সমতা আৰু একতাৰ জৰিয়তেহে আমি সিদ্ধি লাভ কৰিব পাৰো।
ভাষণ প্ৰসংগত জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই আৰু কয়, উৰিয়া গাঁও অঞ্চল এটা ইতিহাস প্ৰসিদ্ধ স্থান। গতিকে ইয়াৰ ইতিহাস সামৰি এখন গ্ৰন্থ প্ৰকাশ কৰাৰ প্ৰয়োজন। ইয়াৰ পৰাই ভৱিষ্যতে নতুন প্ৰজন্মই অঞ্চলটোৰ ইতিহাস সম্পৰ্কে যথেষ্ট সমল লাভ কৰিব পাৰিব। তেওঁ লগতে উৰিয়া গাঁৱত মহিলাসকলক এখন বজাৰ সৃষ্টি কৰি উক্ত স্থানত ব্যৱসায়িক কেন্দ্ৰ স্থলহিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়।
সভাখনত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সমাজকৰ্মী নাৰায়ণ চন্দ্ৰ বনিয়া,জ্যেষ্ঠ চিকিৎসক ডা: ধীৰেন্দ্ৰ নাথ হাজৰিকা, সমাজসেৱক হলি শইকীয়া,লোক সংস্কৃতিৰ উপ সাধক ললিত হাজৰিকা আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী জিনু বৰাক ফুলাম গামোছা,চেলেং,শৰাই আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত সভাতেই ভোগালী উৎসৱত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ স্থানপ্ৰাপ্ত সকলক পুৰস্কাৰ প্ৰদান কৰা হয়।
সভাত বিশিষ্ট সমাজকৰ্মী সুৰেশ বৰাই ভাষণ প্ৰদান কৰে। উক্ত সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক হেমন্ত দাস, যুটীয়া সম্পাদক দিব্যজিত হাজৰিকা, সমাজকৰ্মী সোমেশ্বৰ বৰা,জিতু হাজৰিকা, ৰূপৰাম হাজৰিকা,প্ৰভাত বৰা,উন্নয়ন সমিতিৰ উপ সভাপতি বিকি হাজৰিকা,ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্রবোধ কুমাৰ বৰা,শুভজিৎ গগৈ প্ৰমুখ্যে বহু লোক উপস্থিত আছিল। ইয়াৰ পিছতে "সমূহীয়া ন-খোৱা" পৰ্বত অঞ্চলটোৰ পাঁচ শতাধিক ৰাইজে অংশগ্ৰহণ কৰে।
উল্লেখযোগ্য যে, ভোগালী উৎসৱৰ লগত সংগতি ৰাখি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত উৰিয়া গাঁও উন্নয়ন সমিতিৰ সহযোগত যোৱা ১০ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈকে একেখন খেলপথাৰতেই ভোগালী আৰু আনন্দ মেলাও অনুষ্ঠিত হয়।