এছ কে পেট্ৰৰ বিৰুদ্ধে নিজাববীয়াকৈ তদন্ত আৰম্ভ অ' এন জি চিৰ

শ্ৰীকৃষ্ণই প্ৰতিষ্ঠানটোত এচাম অনভিজ্ঞ লোকক নিয়োগ কৰি কিদৰে সাধাৰণ লোকৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে এই সন্দৰ্ভতো অসমীয়া প্ৰতিদিন ডিজিটেলত প্ৰকাশ কৰিছিল।

author-image
Asomiya Pratidin
New Update
৩

ডিজিটেল সংবাদ,শিৱসাগৰঃ অৱশেষত ভটিয়াপাৰৰ তৈলখাদৰ গেছ নিৰ্গমন ঘটনাৰ সৈতে জড়িত এছ কে পেট্ৰৰ নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তদন্তৰ ঘোষণা কৰিলে অ' এন জি চিয়ে। আজি সন্ধিয়া এখন সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰিলে অ’ এন জি চিৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক ভাস্কৰ চৌধুৰী নেত্ৰমে।

এছ কে পেট্ৰ চাৰ্ভিছৰ মালিক শ্ৰীকৃষ্ণ আগৰৱালা। এই কোম্পানীটোৰ কাৰ্যালয় শিৱসাগৰৰ আনন্দ নগৰ পথত থকা ভাগৱতী ভৱনত। কোম্পানীটোৰ আন এজন সঞ্চালক ৰাধা আগৰৱালা শ্ৰীকৃষ্ণ আগৰৱালাৰ পত্নী। ৰাধা আৰু শ্ৰীকৃষ্ণৰ মালিকানাধীন এছ কে পেট্ৰ চাৰ্ভিছকেই অ' এন জি চিয়ে বৰ্তমান গেছ নিৰ্গত হোৱা ৰিগটোৰ তেল নিষ্কাষণৰ দায়িত্ব অৰ্পণ কৰিছিল। 

উল্লেখযোগ্য যে, এই সন্দৰ্ভত ইতিমধ্যে অসমীয়া প্ৰতিদিন ডিজিটেলত সবিস্তাৰে বাতৰি প্ৰকাশ কৰা হৈছিল। পূৰ্বতে তেল চুৰিৰ সৈতে নাম সাঙুৰ খোৱা শ্ৰীকৃষ্ণই প্ৰতিষ্ঠানটোত এচাম অনভিজ্ঞ লোকক নিয়োগ কৰি কিদৰে সাধাৰণ লোকৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে এই সন্দৰ্ভতো অসমীয়া প্ৰতিদিন ডিজিটেলত প্ৰকাশ কৰিছিল। ইয়াৰ পাছতে অ' এন জি চিয়ে ৰাধা-কৃষ্ণৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে তদন্ত ঘোষণা কৰে। 

লক্ষ্যণীয় যে, এছ কে পেট্ৰৰ বিৰুদ্ধে ইতিমধ্যে অ এন জি চিয়ে নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে। প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তদন্তৰ প্ৰতিবেদন লাভ কৰাৰ পাছতেই নিয়ম অনুসৰি অ ’এন জি চিয়ে এছ কে পেট্ৰৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ কৰিব।

অ' এন জি চি