/asomiyapratidin/media/media_files/2025/06/20/new-ap-web-6-2025-06-20-18-44-47.jpg)
ডিজিটেল সংবাদ,শিৱসাগৰঃ ৰুদ্ৰসাগৰ তৈলখাদৰ গেছ নিয়ন্ত্ৰণত চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে অ’এনজিচিৰ ক্ৰাইছিছ মেনেজমেণ্টৰ দল ৷ নিৰ্গত প্ৰাকৃতিক গেছৰ চাপ ক্ৰমাত বৃদ্ধি পোৱা ফলত ভয়ংকৰ বিপদৰ দিশে আগবাঢিছে শিৱসাগৰৰ ভটিয়াপাৰবাসী। কাৰণ যিকোনো মুহূৰ্ততে জ্বলিব ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ আৰ ডি এচ ১৪৭(এ ) নং তেলখাদ ৷
প্ৰাপ্ত তথ্য অনুসৰি, ইতিমধ্যে তৈলখাদৰ পৰা সকলো সামগ্ৰী আঁতৰোৱাৰ ব্যৱস্থা কৰিছে ৷ তলৰ পৰা গাড়ী উঠাব পৰাকৈ পথ সমূূহ যোদ্ধকালীন তৎপৰতাৰে নিৰ্মাণ কৰা হৈছে ৷ এই তৎপৰতালৈ চাই অচিৰেই অঘটন ঘটাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷
সাধাৰণতে এনে তেলখাদ জ্বলি যোৱা বা জ্বলাই দিয়াৰ অবিহনে গত্যন্তৰ নাই ৷ গতিকে ভটিয়াপাৰত দ্বিতীয় বাঘজান কাণ্ড সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷ কাৰণ ইয়াৰ কোনো বিকল্প পোৱা নাই অ’এনজিচি কৰ্তৃপক্ষই। যিহেতু তেলখাদত জুই জ্বলাৰ আশংকা কৰা হৈছে, অৰ্থাৎ পৰৱৰ্তী তিনি মাহলৈ এই সমস্যা সমাধা হোৱাৰ সম্ভাৱনা ক্ষীণ হৈ পৰিছে ৷
ইফালে কিছু সময় পূৰ্বে ভটিয়াপাৰত উপস্থিত হয়হি আমেৰিকাৰ বিশেষজ্ঞৰ দল। কাইলৈৰ পৰা ভটিয়াপাৰৰ গেছ নিৰ্গমন প্ৰতিৰোধৰ কাম আৰম্ভ কৰিব ৩ জনীয়া বিশেষজ্ঞৰ দলটোৱে। উল্লেখযোগ্য যে, আগন্তুক ৩৬ ঘন্টা হ’ব ভটীয়াপাৰৰ বাৰীচুকৰ জনসাধাৰণ আৰু অ’এনজিচিৰ সংশ্লিষ্ট স্থানৰ কৰ্মৰত বিষয়া কৰ্মচাৰী সকলৰ বাবে অতি কঠিন সময় ৷
তেলখাদটোৰ পৰা বিৰামহীন গতিৰে নিৰ্গত হৈ থকা প্ৰাকৃতিক গেছ নিয়ন্ত্ৰণ কৰিবলৈ আমেৰিকাৰ বিশেষজ্ঞই কি কৰিব সেয়া লক্ষ্যণীয়। বিশেষজ্ঞ দলটোৰ পৰামৰ্শ অনুসৰিয়েই অ’এনজিচিয়ে তেলখাদটোত কেপিং নামৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷
ইফালে দিখৌ নদীত পানী উত্তোলনৰ বাবে অত্যাধুনিক যন্ত্ৰ স্থাপন কৰিছে ৷ হ’লেও বিপদে লগ এৰা নাই অ’এনজিচিক ৷ দিখৌ নদীৰ পানী বৃদ্ধি পাইছে ৷ যিকোনো সময়তেই যন্ত্ৰ সমূহ পানীত ডুব যোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে ৷