ভাস্বতী ভূঞাক NAMERI AWARD 2024 শিশু শিল্পী বঁটা প্ৰদান

ভাস্বতী ভূঞাক NAMERI AWARD 2024 শিশু শিল্পী বঁটা প্ৰদান

author-image
Asomiya Pratidin
New Update
ভাস্বতী ভূঞাক NAMERI AWARD 2024  শিশু শিল্পী বঁটা প্ৰদান

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ ভাস্বতী ভূঞাক NAMERI AWARD 2024 শিশু শিল্পী বঁটা প্ৰদান অসম মানৱ কল্যাণ ফাউণ্ডেচনৰ। চৰকাৰী পঞ্জীয়ণভুক্ত স্বেচ্ছাসেৱী সংগঠন অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজিত বর্ণাঢ্য অনুষ্ঠানত বঁটা লাভ কৰি জামুগুৰিহাটৰ ভাস্বতী ভূঞাই অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনে৷

Advertisment

অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শিশু শিল্পী গৰাকীৰ এই বৃহৎ সাফল্যৰ বাবে অভিনন্দন ও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে৷উল্লেখ্য যে দেওবাৰে নগাঁও নাট্যমন্দিৰত অনুষ্ঠিত এক অনুষ্ঠানত শিশু শিল্পী গৰকীলৈ এই মৰম আৰ্শীবাদ দিয়া বাবে অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ বিষয়ববীয়া ও কৰ্মকৰ্তালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছে শিল্পী গৰাকীৰ লগতে পৰিয়ালবৰ্গই।গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত লেখক সাহিত্যিক ৰূপম দত্তকে ধৰি বহুকেইগকী বিশিষ্ট ব্যক্তিক নামেৰি ২০২৪ বঁটা প্ৰদান কৰা হয়।

bhaswati bhuyan NAMERI AWARD 2024