/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/cb227164-5b53-4a67-95d2-8ad6342fa38b/majuli_27.jpg)
majuli
ডিজিটেল সংবাদ ছেপ্টেম্বৰঃ মাজুলীৰ সংবাদ ক্ষেত্ৰখনত কালিমাসানি বৈদ্যুতিক সংবাদ মাধ্যম আছাম টকছৰ মাজুলীৰ সাংবাদিক ভাস্কৰ কাশ্যপে একাধিক অসামজিক কাৰ্যকলাপৰ লগতে ব্লেকমেইলিং কৰি ধন সংগ্ৰহ কৰাৰ চাঞ্চল্যকৰ ঘটনা মাজুলীৰ সাধাৰণ নাগৰিকৰ মুখে মুখে প্ৰকাশ পোৱাৰ লগতে শেহতীয়াকৈ আৰু বহু এনেধৰণৰ ঘটনা তথ্য প্ৰমাণ সংগঠনৰ হাতলৈ অহাৰ পৰিপ্ৰেক্ষিতত মাজুলী জিলা আসাম প্ৰেছ কৰেছপণ্ডেটছ ইউনিয়ন অৰ্থাৎ আপকুৰ পৰা বহিস্কাৰ কৰা হৈছে ৷
দীৰ্ঘদিনৰ পৰা কেইবাটাও এনে ধৰনৰ অভিযোগ উত্থাপন হৈ অহা ঘটনাই আপকু মাজুলী জিলা সমিতিৰ ইতিহাসতে এক প্ৰকাৰে কালিমা সানিছে বুলি উল্লেখ কৰি মাজুলী জিলা আপকুৰ সভাপতি জ্যোতিষ কুমাৰ তামুলী আৰু সম্পাদক ভাস্কৰ বৰাই এক প্ৰেছ বিবৃত্তি যোগে কয় যে, আপকুৰ মাজুলী জিলা সমিতিৰ সদস্য ভাস্কৰ কাশ্যপে মাজুলীৰ সাংবাদিকসকলৰ ইতিহাসত কোনো দিন নোহোৱা নোপোজা আৰু এক সস্তীয়া প্ৰৱনতা গঢ়ি তুলিছে। যিটো কথাই মাজুলী আপকুৰ সতীৰ্থসকলৰ লগতে মাজুলীৰ জেষ্ঠ সাংবাদিকসকলৰ সন্মানত আঘাত হনাই নহয় লজ্জিত কৰিছে।
এই ক্ষেত্ৰত ভাস্কৰ কাশ্যপক চাৰি দিনৰ ভিতৰত সকলো বিষয় বিবৰী কাৰণ দৰ্শাবলৈ জনোৱা হৈছিল যদিও আজি ৬ টা দিন উকলি যোৱাৰ পিছটো ভাস্কৰ কাশ্যপ নামৰ সাংবাদিক জনে বিষয়টোৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহল ৷ এই সমূহ অভিযোগত অভিযুক্ত সাংবাদিক জনে নিজকে দোষমুক্ত বুলি উপযুক্ত প্ৰমাণ নকৰাৰ বাবে আজিৰ তাৰিখৰ পৰা সাংবাদিক জনক আপকুৰ প্ৰাথমিক সদস্য পদৰ পৰাও বহিস্কাৰ কৰে ।