/asomiyapratidin/media/media_files/2025/07/07/whatsapp-image-202-2025-07-07-12-31-46.jpeg)
ডিজিটেল ডেস্কঃ তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামাক ভাৰতৰত্ন দিয়াৰ দাবী জনাইছে ৮০ গৰাকীকৈ ভাৰতীয় সাংসদে। ইয়াৰ বাবে সাংসদ মঞ্চই প্ৰচাৰ আৰম্ভ কৰিছে । তেওঁলোকে কয় যে, এই প্ৰস্তাৱত প্ৰায় ৮০ জন সাংসদে স্বাক্ষৰ কৰিছে।
৬ জুলাইত দালাই লামাৰ ৯০ বছৰ সম্পূৰ্ণ হয়। এই উপলক্ষে ধৰ্মশালাত আয়োজিত ৯০ সংখ্যক জন্মদিন উদযাপন অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু,কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, লালন সিং ৰাজ্যৰ বিজেপি সাংসদ গাও উপস্থিত থাকে।
ৰিজিজুৱে কয় যে দালাই লামা ভাৰতৰ আটাইতকৈ সন্মানীয় অতিথি আৰু তেওঁক ইয়াত আমাৰ দেশত পাই আমি নিজকে ধন্য বুলি অনুভৱ কৰো। দালাই লামাই নিজকে ভাৰতৰ পুত্ৰ বুলি কয়। তেওঁ প্ৰাচীন ভাৰতীয় জ্ঞানৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰদূত। অৰ্থাৎ দালাই লামাই ভাৰতবৰ্ষক নিজৰ ঘৰ বুলি গণ্য কৰি সমগ্ৰ বিশ্বতে ভাৰতীয় সংস্কৃতিৰ প্ৰচাৰ কৰি আছে।
লক্ষ্যণীয় যে, সাংসদসকলৰ তিব্বত সম্পৰ্কীয় সৰ্বদলীয় ভাৰতীয় সংসদীয় মঞ্চই ভাৰতৰত্ন প্ৰস্তাৱ দাবীত নিয়োজিত হৈ আছে। এই মঞ্চৰ আহ্বায়ক বিজেপি সাংসদ ভৰত্ৰুহৰি মাহতাব। সাংসদসকলৰ অল পাৰ্টি ইণ্ডিয়ান পাৰ্লিয়ামেণ্টৰী ফ’ৰাম অন তিব্বতেও এই সন্দৰ্ভত কেইবাবাৰো তিব্বত চৰকাৰৰ প্ৰতিনিধিক সাক্ষাৎ কৰিছে।
ইয়াৰ পূৰ্বে ৰাজ্যসভাৰ সাংসদ সুজিত কুমাৰ বিজেডিত আছিল যদিও বৰ্তমান তেওঁ বিজেপিত যোগদান কৰিছে। এই মঞ্চৰ প্ৰথম আহ্বায়ক আছিল তেওঁ। ২০২১ চনৰ ডিচেম্বৰ মাহত যেতিয়া এই মঞ্চখন পুনৰ সক্ৰিয় হৈ উঠিছিল, তেতিয়া সুজিত কুমাৰে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ কয় যে, তেওঁৰ দলটোৱে দালাই লামাৰ বাবে ভাৰতৰত্নৰ দাবী জনাইছে।
ৰাজ্যসভাৰ সাংসদ সুজিত কুমাৰে কয় যে, আমি ৮০ জনতকৈ অধিক সাংসদৰ স্বাক্ষৰেৰে এখন স্মাৰক পত্ৰ প্ৰস্তুত কৰিছো। ১০০ জন সাংসদে স্বাক্ষৰ কৰাৰ লগে লগে আমি প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ হাতত গতাই দিম। বিৰোধী দলৰ সাংসদসকলেও এই স্মাৰকপত্ৰত স্বাক্ষৰ কৰিছে।
সুজিত কুমাৰে লগতে কয় যে মঞ্চৰ মতে উত্তৰাধিকাৰী নিযুক্তিৰ ক্ষেত্ৰত চীনৰ কোনো ভূমিকা থাকিব নালাগে। মঞ্চখনে সংসদকে ধৰি বহু মঞ্চত তিব্বত সম্পৰ্কীয় বিষয়সমূহ উত্থাপন কৰিব বুলিও সিদ্ধান্ত লৈছে। এই পদক্ষেপক লৈ চীন নিশ্চিতভাৱে বিৰক্ত হ’ব ৷