/asomiyapratidin/media/media_files/2025/07/06/mmm-2025-07-06-14-40-33.jpg)
ডিজিটেল সংবাদ, নতুন দিল্লীঃ নতুন দিল্লীৰ পৰা দেশৰ ২৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্য সমূহক সামৰি ৯ ছেপ্টেম্বৰ পৰা ১০০ দিনীয়া এক" ভাৰত মহা ই ভি ৰেলী"ৰ আয়োজন কৰা হৈছে ৷ দিল্লী বিশ্ববিদ্যালয়ৰ হংসৰাজ কলেজৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে এই " কাৰ ৰেলীৰ" কাৰ্টেইন ৰেইজাৰ অনুষ্ঠান সম্পন্ন কৰে আয়োজক" ইন্টাৰনেচনেল ফেডাৰেচন অফ ইলেট্ৰিক ভেহিক'ল ফেডাৰেচনে "৷
এই কাৰ ৰেলী দিল্লীৰ পৰা আৰম্ভ হৈ লেহ-লাডাখক আৰু উত্তৰ-পূৰ্বাঞ্চলকো সামৰি ল'ব ৷ মুলতঃ দেশৰ জনসাধাৰণৰ মাজত " ই ভি"ৰ বাবে সজাগতা বৃদ্ধি আৰু প্ৰদূষণ হ্ৰাস কৰাৰ বাবে বৃক্ষৰোপণৰ প্ৰয়োজনীয়তাক প্ৰসাৰ কৰাৰ বাবেই এই কাৰ ৰেলীৰ আয়োজন কৰা হৈছে ৷ এই ১০০ দিনত ১ কোটি গছপুলি ৰোপণ কৰাৰো পৰিকল্পনা কৰিছে আয়োজক "ইন্টাৰনেচনেল ফেডাৰেচন অফ ইলেট্ৰিক ভেহিক'ল ফেডাৰেচনে"।