/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/c7a9fc3f-c474-4d4b-8fa0-4877179a8da1/WhatsApp_Image_2022_09_17_at_05_10_24.jpeg)
bharat jodo yatra
সডিজিটেল ডেস্কঃ বিজেপিৰ বিৰুদ্ধে সমগ্ৰ দেশত এক জন জাগৰণ সৃষ্টিৰ লক্ষ্যৰে তথা দেশক বাসীক ঐক্যবদ্ধ কৰিবৰ বাবে কংগ্ৰেছে সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত দেশজুৰি ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছে। ইতিমধ্যে কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাৰ অন্ত পৰিব কাশ্মীৰত।
ইফালে কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰা অসমত প্ৰৱেশ কৰিব অহা নৱেম্বৰ মাহৰ প্ৰথম ভাগত। শুকুৰবাৰে মহানগৰীৰ এক সংবাদ মেলত এই কথা প্ৰকাশ কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে। অৱশ্যে অসমত কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰা হ'ব ৰাহুল গান্ধীৰ অনুপস্থিতিত।
পহিলা নৱেম্বৰত ধুবুৰীৰ পৰা অসমত আৰম্ভ হ'বলগীয়া এই যাত্ৰাই অসমত মুঠ ৮০০ কিলোমিটাৰ পথ সামৰি ল'ব। প্ৰতিদিনে ১৫ কিলোমিটাৰকৈ পথ খোজকাঢ়ি এই যাত্ৰা শদিয়াত অন্ত পৰিব।
সংবাদমেলখনত জয়ৰাম ৰমেশে ভাৰত জোড়ো যাত্ৰা ৰাজনৈতিক প্ৰণোদিত উদ্দেশ্যৰে হোৱা নাাই বুলি উল্লেখ কৰি কয় যে, বিজেপি এফালৰ পৰা ভাঙি পেলোৱা দেশখনক পুনৰ একত্ৰিত কৰাৰ উদ্দেশ্যে এই ভাৰত জোৰো যাত্ৰা কৰা হৈছে। তেওঁ ভাৰত জোড়ো যাত্ৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও মন্তব্য কৰে।
জয়ৰাম ৰমেশে বিজেপিৰ অন্যায়, দুৰ্নীতি, গণতন্ত্ৰবিৰোধী, সংবিধানবিৰোধী নীতিৰ বিৰুদ্ধে জনমত সৃষ্টিৰে আৰম্ভ হোৱা এই ভাৰত জোড়ো যাত্ৰালৈ দেশবাসীয়ে সমৰ্থন আগবঢ়োৱাৰ কথা উল্লেখ কৰে। তেওঁৰ মতে এই যাত্ৰাই হ'ব ভাৰতীয় ইতিহাসৰ আটাইতকৈ দীঘল পদযাত্ৰা।
আনহাতে অসমত কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধী উপস্থিত নাথাকিব। ৰাহুল গান্ধীৰ বিপৰীতে অসমত এই যাত্ৰাত অংশগ্ৰহণ কৰিব কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশ, দিগ্বিজয় সিং আৰু অন্যান্য নেতাসকল উপস্থিত থাকিব।
উল্লেখ্যে যে, কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰাই মুঠ ৩৫৭০ কিলোমিটাৰ পথ সামৰি ল'ব। এই যাত্ৰাৰ অন্ত পৰিব কাশ্মীৰত আৰু এই যাত্ৰাৰ অন্তিম সমাৰোহ ২০২৩ ৰ জানুৱাৰীত ৰাজস্থানত অনুষ্ঠিত হ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us