Advertisment

গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক - বিশিষ্ট পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীলৈ "ভাৰত গৌৰৱ সন্মান"

গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক, বিশিষ্ট পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীলৈ "ভাৰত গৌৰৱ সন্মান" আগবঢ়োৱা হয়। কৰ্ণাটকৰ ছেদামত অনুষ্ঠিত এক অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিকগৰাকীক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হয়।

author-image
Asomiya Pratidin
New Update
গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক - বিশিষ্ট পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীলৈ সন্মান

গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক - বিশিষ্ট পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীলৈ সন্মান

ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক, বিশিষ্ট পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীলৈ "ভাৰত গৌৰৱ সন্মান" আগবঢ়োৱা হয়। কৰ্ণাটকৰ ছেদামত অনুষ্ঠিত এক অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিকগৰাকীক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হয়।

Advertisment

উল্লেখযোগ্য যে পৰিৱেশ সংৰক্ষণত বিশেষভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহাৰ সুবাদতেই গোস্বামীক উক্ত বঁটা প্ৰদান কৰা হয়। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ৩ ফেব্ৰুৱাৰীৰ পৰা কৰ্ণাটকৰ কালাবুৰাগী জিলাৰ ছেদামত অনুষ্ঠিত ভাৰত বিকাশ সংগমৰ উদ্যোগত ভাৰতীয় সংস্কৃতি উৎসৱত গোস্বামীক বুধবাৰে আনুষ্ঠানিকভাৱে প্ৰদান কৰে এই সন্মান। 

সুদীৰ্ঘ বহু বছৰ ধৰি অপূৰ্ব বল্লভ গোস্বামীয়ে প্ৰকৃতি সংৰক্ষণৰ বাবে যথেষ্ট ত্যাগ স্বীকাৰ কৰি আহিছে। নুমলীগড় দেওপাহাৰ সংৰক্ষণৰ পৰা আৰম্ভ কৰি সিংহাসন পাহাৰ সংৰক্ষণ, নুমলীগড়ৰ কালিয়নী, দৈয়াং, ধনশিৰিৰ বক্ৰত অবৈধ শিল, বালি খননৰ পৰা আৰম্ভ কৰি পাটকাইৰ অবৈধ কয়লা খননৰ বিৰুদ্ধে ঐকান্তিকভাৱে সজোৰে প্ৰতিবাদ কৰি আহিছে গোস্বামীয়ে। 

গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক - বিশিষ্ট পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীলৈ সন্মান
গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক - বিশিষ্ট পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীলৈ সন্মান

 

কেৱল সেয়াই নহয় দিহিং-পাটকাই সংৰণৰ লগতে ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰতো বিশেষ ভূমিকা পালন কৰিছিল গোস্বামীয়ে। একেদৰে  ডিব্ৰু-ছৈখোৱাৰ সমীপৰ বাঘজানত অইলৰ অবিবেচকীয় কাণ্ডৰ বাবে সংঘটিত ভয়ংকৰ বিস্ফোৰণৰ বিৰুদ্ধেও সৰৱ হৈ অইল ইণ্ডিয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবীৰে আইনৰ কাষ চাপিছিল গোস্বামীয়ে। 

ইফালে অসম-নাগালেণ্ড সীমা সমস্যাকে ধৰি অসমত ড্ৰাগছ সৰবৰাহৰ মূল অভিকেন্দ্ৰৰ উৎস বিচাৰি  ম্যানমাৰৰ সোণালী ত্ৰিভূজ পৰিভ্ৰমণ কৰি  ন ন তথ্য উদঘাটন কৰিবলৈ সক্ষম হৈছিল গোস্বামী। ইফালে শেহতীয়াকৈ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা গুজৰাটৰ বনতাৰালৈ ঘৰচীয়া হাতী সৰবৰাহৰ বিৰুদ্ধেও বলিষ্ঠভাৱে মাত মাতি অহা পৰিলক্ষিত হৈছে অপূৰ্ব বল্লভ গোস্বামী। এনে এগৰাকী নিৰন্তৰভাৱে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি অহা গোস্বামীয়ে ভাৰত গৌৰৱ সন্মান লাভ কৰাত এতিয়া সন্তোষ প্ৰকাশ কৰিছে বিভিন্নজনে।

সাংবাদিক জ্যেষ্ঠ সাংবাদিক