/asomiyapratidin/media/media_files/2025/03/14/Z6WdalQQ9iuj1Pem09CQ.jpg)
ভৰদৌল
ডিজিটেল সংবাদ,বৰপেটা: জীৱনৰ দুখ-কষ্ট, চিন্তা-ভাৱনাক দূৰৈত ৰাখি কেৱল ভক্তি আৰু আনন্দত ব্যস্ত সমগ্ৰ বৰপেটাৰ জনজীৱন ৷ হোলীগীতৰ সুৰৰ মূর্ছনা আৰু হৰিকীৰ্ত্তনেৰে মুখৰ হৈ পৰিছে বৰপেটা সত্ৰ ৷ সত্ৰীয়া ৰীতি নীতিৰে পালন কৰা দৌল উৎসৱৰ আনন্দত মতলীয়া হৈ পৰিছে বৰপেটাবাসী৷ বৰপেটাবাসীৰ লগতে এই আনন্দত ভাগ ল'বলৈ ধপলিয়াই আহিছে অসমৰ বিভিন্ন অঞ্চলৰ লোক৷ ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা অহা হেজাৰ হেজাৰ লোকেৰে লোকাৰণ্য হৈ পৰিছে বৰপেটা সত্ৰ৷ এফালে আকাশ বতাহ মুখৰিত কৰি তোলা হোলীগীতৰ সুৰৰ মূর্ছনা, আনফালে অগণন লোকৰ সমাবেশেৰে উদুলি মুদুলি সত্ৰ নগৰী বৰপেটা ৷ এনে এক পৰিবেশৰ মাজতে বৰপেটাত শুকুৰবাৰে পালন কৰা হৈছে ভৰদৌল ৷ দৌল গৃহত ৰখা কলীয়া ঠাকুৰ গোঁসাই আৰু দৌল গোবিন্দ মহাপ্ৰভুক সেৱা জনাবলৈ পুৱাৰে পৰা লানি নিচিগা শাৰী পাতে অগণন পুৰুষ মহিলাই৷
অগণন লোকৰ আনন্দ আৰু উল্লাসৰ সমান্তৰালকৈ সত্ৰত নিত্য নাম প্ৰসংগ আৰু গায়ন বায়ন আৰু ওজাপালিয়ে গীত পৰিবেশন কৰে ৷ চাৰিদিনীয়া কাৰ্যসূচীৰে বৃহস্পতি বাৰৰ পৰা আৰম্ভ হোৱা দৌল উৎসৱৰ কাৰ্য অনুসৰি শুকুৰবাৰে পালন কৰা হয় ভৰ দৌল৷ শনিবাৰেও পালন কৰা হ'ব ভৰ দৌল ৷ আজি পুৱা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াই গোঁসাইৰ চৰণত ফাকুগুড়ি আগবঢ়াই সেৱা জনোৱাৰ পিচতে আৰম্ভ হয় সেৱা কৰা পৰ্ব ৷ ইপিনে , আজি পুৱাৰ ভাগত বৰপেটা সত্ৰত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা , কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা , মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী , মন্ত্ৰী ৰঞ্জিত দাস আৰু বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে সেৱা জনায়৷