Advertisment

সৰুপথাৰত সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ.....

সৰুপথাৰ সমজিলাৰ সীমান্তৰ উৰিয়ামঘাটত ২২ ডিচেম্বৰৰ পৰা প্ৰথমবাৰৰ বাবে দহ দিনীয়াকৈ সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ সৰুপথাৰ সমজিলাৰ সীমান্তৰ উৰিয়ামঘাটত ২২ ডিচেম্বৰৰ পৰা প্ৰথমবাৰৰ বাবে দহ দিনীয়াকৈ সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে ।

Advertisment

উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সীমান্তবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা এই ভাওনা সমাৰোহ উপভোগ কৰিবলৈ সন্ধিয়া হোৱাৰ লগে লগে সমাৰোহস্থলীত হাজাৰ-হাজাৰ দৰ্শক উপস্থিত হয় ।

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১৬ টা ভাওনাৰ দলে ইয়াত অংশগ্ৰহণ কৰিছে । ভাওনাৰ উপৰিও প্ৰায় দুই হাজাৰ গৰাকী নামতিয়ে একেলগে দিহানাম পৰিবেশন কৰি সমাৰোহ জাকত জিলিকা কৰি তুলে।

ভাওনা সমাৰোহত বিভিন্ন বিশিষ্ট ব্যক্তিৰ লগতে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক নিতুমনি শইকীয়া ।

সদৌ অসম ভাওনা সমাৰোহ সৰুপথাৰ