/asomiyapratidin/media/media_files/2025/01/29/tX7yKzbx4V9z0BI3HsiH.jpg)
কঠীয়াতলীৰ ঐতিহাসিক শ্ৰীশ্ৰী বামুণী গোসাঁই থান প্ৰাংগনত ভাওনা প্ৰদৰ্শন
ডিজিটেল সংবাদ, কামপুৰ : সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা ভাওনা প্ৰতিযোগিতাত শ্ৰেষ্ঠ স্থান লাভ কৰা ভাওনা দল যোৰহাট লাহদৈগড়ৰ "আমাৰ ভাওনা সাংস্কৃতিক গোষ্ঠী"ৰ দ্বাৰা নগাঁও কঠীয়াতলীৰ ঐতিহাসিক শ্ৰীশ্ৰী বামুণী গোসাঁই থান প্ৰাংগনত এখনি ভাওনা প্ৰদৰ্শন কৰা হয়। কঠীয়াতলী জুৰিপাৰৰ স্বৰ্গগামী প্ৰয়াত যোগেন চন্দ্ৰ কলিতা দেৱৰ বছেৰেকীয়া পূণ্য তিথিৰ লগত সংগতি ৰাখি তেওঁৰ পৰিয়াল বৰ্গৰ আমন্ত্ৰণ ৰক্ষা কৰি এই ভাওনা দলটিয়ে এখনি ভাওনা প্ৰদৰ্শন কৰে থান প্ৰাংগনত।
"মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ" নামৰ এই ভাওনাখন প্ৰদৰ্শন কৰাৰ লগতে ভাওনা দলটিয়ে অতি সুন্দৰ অভিনয় প্ৰদৰ্শন কৰি উপস্থিত ভক্তপ্ৰাণ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে। বহু আমন্ত্ৰিত অতিথিৰ উপস্থিতিত তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈয়ে মঞ্চ মুকলি কৰে।
ভাওনা প্ৰদৰ্শনৰ আগমুহূৰ্তত কলিতাৰ পৰিয়ালৰ তৰফৰ পৰা আমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠান ভাগ সুচাৰুৰূপে পৰিচালনা হোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে কলিতাৰ পৰিয়ালৰ হৈ বুলু কলিতা আৰু তেওঁৰ পৰিয়াল বৰ্গই।