/asomiyapratidin/media/media_files/2025/03/10/zAkKB8oukMkj7SZoRbfd.jpg)
টেঙাখাত বৰ-অভয়পুৰীয়াত ভাওনা প্ৰদৰ্শন
ডিজিটেল সংবাদ, টেঙাখাত : টেঙাখাত বৰ-অভয়পুৰীয়াবাসী ৰাইজৰ আতিথ্যত আৰু টেঙাখাতবাসী ৰাইজৰ সহযোগত বৰ-অভয়পুৰীয়া গাঁৱৰ চক্ৰপাণি প্ৰাথমিক শাখা নামঘৰ প্ৰাঙ্গনত ৮ মাৰ্চত ভাওনা প্ৰদৰ্শন কৰা হয় । ভাওনা উদযাপন সমিতিয়ে একাগ্ৰতাৰে পৰিচালনা কৰি ভাওনাৰ মূল নাট প্ৰদৰ্শনৰ লগতে আনুসঙ্গিক কাৰ্যসূচী সফল পৰিসমাপ্তি কৰা পৰিলক্ষিত হয় ।
স্মৰ্তব্য যে, ৮ মাৰ্চৰ দিবা-নৈশ কাৰ্যসূচী অনুসৰি উক্ত দিনা পুৱা ৭ বজাত পৰিবেশ নিকাকৰণ, ৭-৩০ বজাত গছপুলি ৰোপণ, ৮-৩০ পতাকা উত্তোলন সমাপন কৰা হয়। ইয়াৰ পিছতে পুৰুষ- মহিলা, কিশোৰ- কিশোৰী সমন্বিতে বহু সংখ্যক লোকৰ অংশগ্ৰহণেৰে মৃদংগ- তাল, খোল-তাল বজাই দিহানাম পৰিবেশনেৰে ধৰ্মীয় শ্ল'গান আদি দি ভাওনাস্থলিৰ পৰা আৰম্ভ কৰি ৰাজহুৱা পথেদি বহুদূৰ ভাগৱত শোভাযাত্ৰা কৰা পৰিলক্ষিত হয় ।
ইয়াৰ পৰবৰ্তী সময়ত নামপ্ৰসঙ্গ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । অন্যহাতে সন্ধিয়া ৭-০০ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাই । লগতে ভাওনাৰ মূল মঞ্চ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা অভিনেতা ৰূপলাল গগৈয়ে ।
/asomiyapratidin/media/media_files/2025/03/10/8YcEwGSJXbhDw3oFzwOR.jpg)
উল্লেখ্য যে , উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে তৈলক্ষেত্ৰ গণস্বাৰ্থ সুৰক্ষা কেন্দ্ৰীয় সমিতিৰ সভাপতি জয়ন্ত বৰুৱা, ক্ৰীড়া সম্পাদক হেমন্ত দাস, টেঙাখাত প্ৰেছ ক্লাবৰ সভাপতি দীপক গগৈ, সম্পাদক জয়ন্ত শইকীয়া অনাতাঁৰ নাট্য শিল্পী শৰৎ গগৈ, সাংবাদিক ৰাজু সোনোৱাল, বিশিষ্ট ব্যৱসায়ী চুচন গগৈ, ৰঞ্জিত তামুলী আদি । ইফালে উক্ত অনুষ্ঠানতে অঞ্চলটোত ভাওনা সংস্কৃতি গুৰিধৰোতা প্ৰয়াত অৱসৰপ্ৰাপ্ত শিক্ষক মানিক তামুলী আৰু প্ৰয়াত লেখক সাংস্কৃতিক কৰ্মী নৰেশ্বৰ চুতীয়াক মৰণোত্তৰভাৱে সম্বৰ্ধনা জনোৱা হয়।
/asomiyapratidin/media/media_files/2025/03/10/Zwo4XvXIFEEL72fXYlyx.jpg)
উক্ত দুয়োগৰাকী ব্যক্তিৰ হৈ পৰিবাৰ ক্ৰমে বিৰজা তামুলী আৰু লক্ষীমতী চুতীয়াক উদ্যাপন সমিতিয়ে ৰাজহুৱাভাৱে চেলেংচাদৰ সম্বৰ্ধনা পত্ৰ আদি প্ৰদান কৰা পৰিলক্ষিত হয় । অন্যহাতে ইয়াৰ পিছতে বিশেষ সাংস্কৃতিক অনুষ্ঠানটি শ্ৰুতিমধুৰ বৰগীতেৰে মুকলি কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই ২০২৪ বৰ্ষত অনুষ্ঠিত কৰা সদৌ অসম ভিত্তিৰ বৰগীত প্ৰতিযোগিতাৰ প্ৰথম স্থানপ্ৰাপ্ত শিল্পী তুলিকা গগৈয়ে ।
উক্ত সাংস্কৃতিক অনুষ্ঠানত জ্যেষ্ঠ - কণিষ্ঠ দিহানামৰ দলে অনুষ্ঠান পৰিবেশন কৰাৰ লগতে অন্যান্য শ্ৰুতিমধুৰ তথা দৃষ্টিনন্দন কাৰ্যসূচীৰে বিশেষ সাংস্কৃতিক অনুষ্ঠান ৰূপায়ন কৰা হয় । উক্ত সাংস্কৃতিক অনুষ্ঠান সমাপ্ত হোৱাৰ পিছতে স্থানীয় ন-পুৰণি পুৰুষ মহিলা শিল্পীৰ দ্বাৰা ভাওনা নাট " ৰাৱণৰ মুক্তিযজ্ঞ " প্ৰদৰ্শন কৰি স্থানীয় তথা অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত বহু সংখ্যক সাংস্কৃতিপ্ৰেমী ৰাইজক মোহিত কৰাৰ লগতে এক আধ্যাত্মিক পৰিবেশ সৃষ্টি কৰে ।
উল্লেখযোগ্য যে ভাওনাৰ নাট " ৰাৱণৰ মুক্তিযজ্ঞ " পৰিচালনা কৰে উৎপল নেওগ আৰু ক্ষিৰোদ গগৈয়ে । নাটখনিৰ দোহাৰ পৰিচালনা কৰে মুখ্য বায়ন বৰ্ণিল শইকীয়া মুখ্য গায়ন পল্লৱ কলিতাই।