Advertisment

যদি আমাৰ মাজত প্ৰেম ভাব নাথাকে, ভাতৃত্ববোধ নাথাকে তেনেহ’লে আমি ৰাস পতাৰ কি মূল্য আছে : গণেশ তামুলী

বৰমাত প্ৰথম বাৰ্ষিক ৰাস মহোৎসৱত দেৰগাঁৱৰ নৃসিংহ মুৰাৰী ভাওনা দলে কৃষ্ণলীলাৰ ভক্তি ৰসেৰে উপচাই তোলে ৷ ৰাসত কেইবা সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজ সমাগম হোৱা পৰিলক্ষিত হয়...

author-image
Asomiya Pratidin
New Update
barama

ডিজিটেল সংবাদ, বৰমা : বাক্সা জিলাৰ বৰমাত প্ৰথম বাৰ্ষিক ৰাস মহোৎসৱত দেৰগাঁৱৰ নৃসিংহ মুৰাৰী ভাওনা দলে কৃষ্ণলীলাৰ ভক্তি ৰসেৰে উপচাই তোলে ৷ এই ৰাসত ভাওনা চোৱাৰ বাবে কেইবা সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজ সমাগম হোৱা পৰিলক্ষিত হয় ৷ 

Advertisment

ভাওনাখন উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী তথা নৰ্থ- ইষ্ট কেঞ্চাৰ চিকিৎসালয়ৰ অধ্যক্ষ গণেশ তামুলীয়ে। তামুলীয়ে কয়-  কেনেকৈ বিশ্বশান্তি কৰিব পাৰি, এই ভাওনাৰ জৰিয়তে সেয়া বুজাই দিব ৷ যদি আমাৰ মাজত প্ৰেম ভাব নাথাকে, ভাতৃত্ববোধ নাথাকে তেনেহ’লে আমি ৰাস পতাৰ কি মূল্য আছে মন্তব্য কৰে ৷ ৰাসৰ তাৎপৰ্যই হৈছে অহিংসা আৰু ভাতৃত্ববোধ ৷ তেওঁ লগতে কয় যে যিটো ধনৰ কোনো সন্মান নাই সেই ধনৰ কোনো মূল্য নাই ৷ প্ৰবঞ্চনা কৰি ধন আৰ্জিলে সেই ধনৰ স্থায়িত্ব নাথাকে বুলিও ভাষণত কয় তামুলীয়ে ৷

উল্লেখ্য যে বৰমাৰ প্ৰথম বাৰ্ষিক ৰাস মহোৎসৱত প্ৰথম দিনাৰ পাৰাই ভক্তৰ সমাগম পৰিলক্ষিত হয় ৷ উদযাপন সমিতিৰ সদস্যাই জানিবলৈ দিয়ে যে ৰাস চাবলৈ অহা ভক্তপ্ৰাণ ৰাইজৰ যাতে কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে ৷ অসমৰ ৰাইজক বৰমাৰ ৰাস চোৱাৰ বাবে আহ্বান জনাই উদ্যক্তাই ৷ সুৰক্ষাৰ ক্ষেত্ৰতো কোনো ত্ৰুটি কৰা নাই বুলি জানিবলৈ দিয়ে উদ্যোক্তাই ৷

barama Raakh Mahotsav