ৰাইজৰ ইচ্ছা, ‘ভগৱন্ত’ হ’ব পাৰে পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী…

ৰাইজৰ ইচ্ছা, ‘ভগৱন্ত’ হ’ব পাৰে পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী…

ডিজিটেল ডেস্ক: দিল্লীৰ পাছত দ্বিতীয়খন ৰাজ্য দখলৰ দিশে আম আদমী পাৰ্টি। পঞ্জাৱ বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টিৰ তৰফৰ পৰা ৪৮ বছৰীয়া সাংসদ ভগৱন্ত মানক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে।

আম আদমী পাৰ্টিৰ সাংসদ ভগৱন্ত মান মুখ্যমন্ত্ৰী হোৱাৰ পথত। পেচাত কমেডিয়ান, অভিনেতা ভগৱন্ত মানে ২০১১ চনত ৰাজনীতিৰ পথাৰত ভৰি থৈছিল। তাৰপাছত তেওঁ সংগৰুৰৰ পৰা দুবাৰকৈ লোকসভা নিৰ্বাচনত জয়লাভ কৰে।

ভগৱন্ত মান আৰু তেওঁৰ জীৱন:

ভগৱন্ত মানে ২০১৪ আৰু ২০১৯ চনত আম আদমী পাৰ্টিৰ পৰা লোকসভা নিৰ্বাচনত জয় লাভ কৰিছিল। ভগৱন্তক জুগ্নু নামেৰেও জনা যায়। তেওঁ এগৰাকী প্ৰসিদ্ধ কমেডিয়ান তথা অভিনেতা আছিল। জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মাৰ লগত তেওঁ 'দ্যা গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্চ'টো অংশগ্ৰহণ কৰিছিল। ভগৱন্ত মানৰ জন্ম হৈছিল ১৯৭৩ চনৰ ১৭ অক্টোবৰত।

উল্লেখ্য যে, দ্বাদশ শ্ৰেণীলৈ অধ্যয়ন কৰা ভগৱন্ত মানে বি.কমত নামভৰ্তি কৰিছিল যদিও পঢ়া শেষ কৰিব নোৱাৰিলে। তাৰপাছতেই তেওঁ বিবাহ পাশত আৱদ্ধ হয় যদিও সাংসদ হোৱাৰ প্ৰায় ১ বছৰ পিছত বিবাহ বিচ্ছেদ হয়। ভগৱন্ত মানৰ দুটি সন্তান আৰু দুয়ো মাতৃৰ লগত থাকে।

ৰাজনৈতিক জীৱন

প্ৰথম অৱস্থাৰ পৰাই ভগৱন্ত মান আম আদমী পাৰ্টিৰ লগত জড়িত নাছিল। তেওঁ ২০১১ চনত মনপ্ৰিয় সিং বাদলৰ পাৰ্টি পঞ্জাৱ পিপলচ পাৰ্টীৰ জৰিয়তে ৰাজনীতিত ভৰি থৈছিল। তেওঁ ২০১২ চনত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও সফল হোৱা নাছিল।তাৰ পাছত মনপ্ৰিয় সিঙে কংগ্ৰেছত যোগদান কৰে আৰু ভগৱন্ত মানৰ এক নতুন যাত্ৰা আৰম্ভ হয় আম আদমী পাৰ্টিৰ লগত।

২০১৪ চনত ভগৱন্ত মানে আম আদমী পাৰ্টিত যোগদান কৰি লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। এই নিৰ্বাচনত তেওঁ জয় লাভ কৰে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিবালে এক টিভি শ্ব'ত কৈছিল যে "ভগৱন্ত মানৰ দৰে এগৰাকী সৎ, নিষ্ঠাবান মানুহ পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ বাবে যোগ্য। পঞ্জাৱত বহুনেতাৰ বিৰুদ্ধে বহু অভিযোগ আছে কিন্তু ৭ বছৰ ধৰি সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰা ভগৱন্ত মানৰ বিৰুদ্ধে নাই এটাও অভিযোগ"।

এক সাক্ষাৎকাৰত ভগৱন্ত মানে কয় যে যেতিয়া তেওঁৰ পেচা কমেডিয়ান আছিল তেতিয়া পৰিয়ালৰ লগত অধিক সময় কটাব পাৰিছিল। কিন্তু নিৰ্বাচনত জয়লাভ কৰাৰ পাছতেই তেওঁ পৰিয়ালক সময় দিব পৰা নাছিল।ৰাইজৰ ওচৰতে অধিক সময় কটাইছিল তেওঁ।তাৰপাছতেই ২০১৫ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। বৰ্তমান তেওঁৰ পত্নী আৰু সন্তান আমেৰিকাত থাকে।তেওঁৰ মতে এতিয়া পঞ্জাৱৰ জনতাই তেওঁৰ পৰিয়াল।

২০১২ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ জাৰি কৰা তথ্য অনুসৰি ভগৱন্ত মানৰ সম্পত্তি ১.৪৪ কোটি টকা। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত তেওঁৰ সম্পত্তিৰ পৰিমাণ হয়গৈ ১.৯৯ কোটি টকা। কিন্তু ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত তেওঁ জাৰি কৰা তথ্য অনুসৰি সম্পত্তিৰ পৰিমাণ হ্ৰাস পায়।

উল্লেখ্য যে, দিল্লীৰ পাছত এইবাৰ আম আদমী পাৰ্টিয়ে আধিপত্যা বিস্তাৰ কৰিব পঞ্জাৱত। বৰ্তমান সময়ত পঞ্জাৱত থকা কংগ্ৰেছ চৰকাৰে ভাল প্ৰদৰ্শন দেখুৱাব নোৱাৰিলে। অন্যহাতে আম আদমী পাৰ্টিয়ে দখল কৰিবলৈ ওলাইছে পঞ্জাৱ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in