হিমন্ত বিশ্ব শৰ্মাতকৈ কঠোৰ হৈছে পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী ভগৱন্ত মান

হিমন্ত বিশ্ব শৰ্মাতকৈ কঠোৰ হৈছে পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী ভগৱন্ত মান

author-image
asomiyapratidin
New Update
পঞ্জাৱৰ ৩৫ হাজাৰ অস্থায়ী আৰু ঠিকা ভিত্তিক কৰ্মচাৰীৰ চাকৰি হ’ব নিয়মীয়া….

ডিজিটেল ডেস্ক: ৯২খন আসনেৰে পঞ্জাৱত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ প্ৰথমটো নিৰ্দেশেই ৰাজ্যখন হাহাকাৰ লগাইছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাতকৈ কঠোৰ হোৱাৰ ইংগিত দিছে মানে। ৰাজ্যখনত ভিভিআইপি, ভিআইপি সংস্কৃতি অন্ত পেলাব লাগিব আৰু সকলো সাধাৰণ লোকৰে নিৰাপত্তা সুনিশ্চিত কৰিবলৈ মানে নিৰ্দেশ দিয়ে পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধানক।

Advertisment

ইয়াৰোপৰি পঞ্জাৱৰ ১২২ গৰাকী প্ৰাক্তন মন্ত্ৰী আৰু প্ৰাক্তন বিধায়কৰ নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে মানে। উল্লেখ্য যে, পঞ্জাৱৰ বহু গৰাকী প্ৰাক্তন মন্ত্ৰী আৰু প্ৰাক্তন বিধায়কৰ নিৰাপত্তাৰ নামত যথেষ্ঠ সংখ্যক নিৰাপত্তাৰক্ষী নিয়োগ হৈ আছিল। কংগ্ৰেছৰ নেতা মনপ্ৰীত সিং বাদৰৰ নিৰাপত্তাত নিয়োজিত হৈ আছিল ১৯ গৰাকী নিৰাপত্তাৰক্ষী। একেদৰে আনহাতে অমৰেন্দ্ৰ সিং ৰাজা নামৰ প্ৰাক্তন বিধায়ক গৰাকীৰ নিৰাপত্তাত নিয়োগ হৈ আছিল ২১ গৰাকী দেহৰক্ষী।

উল্লেখ্য যে, সিং ৰাজা পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিন কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল যদিও বৰ্তমান তেওঁ গিদ্দাবাহাৰ সমষ্টিৰ বিধায়ক। এনেদৰে অতিৰিক্ত আৰু অনাবশ্যকীয়ভাৱি নিয়োজিত হৈ থকা সকলো নেতাৰ নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ভগৱন্ত মানে। লগতে তেওঁ এই কথাও জনাইছে যে তেওঁ নিজেও নিৰাপত্তাৰক্ষী লোৱাৰ পক্ষপাতী নহয়।

punjab Bhagwant Mann himanta biswa sarma