পঞ্জাৱৰ ইতিহাসত কোনো দিনে গ্ৰহণ নকৰা সিদ্ধান্ত গ্ৰহণ কৰিলে মানে…

পঞ্জাৱৰ ইতিহাসত কোনো দিনে গ্ৰহণ নকৰা সিদ্ধান্ত গ্ৰহণ কৰিলে মানে…

author-image
asomiyapratidin
New Update
পঞ্জাৱৰ ইতিহাসত কোনো দিনে গ্ৰহণ নকৰা সিদ্ধান্ত গ্ৰহণ কৰিলে মানে…

ডিজিটেল ডেস্ক: পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিয়েই ভগৱন্ত মানে কয় যে তেওঁ অতি শীঘ্ৰেই এক ডাঙৰ ঘোষণা কৰিব। মুখ্যমন্ত্ৰী গৰাকীৰ মতে ৰাইজৰ হিতৰ বাবে তেওঁৰ চৰকাৰে ডাঙৰ ঘোষণা কৰিব।

Advertisment

'কু' নামৰ এপটোত এই কথা জনাই মানে। তেওঁ লিখে যে "পঞ্জাৱৰ হিতৰ বাবে আজি এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।পঞ্জাৱৰ ইতিহাসত আজিলৈকে কোনোৱে এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই।মই অতি শীঘ্ৰই ঘোষণা কৰিম"।

উল্লেখ্য যে, বুধবাৰে ভগৱন্ত মানে পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।ৰাজ্যখনৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতে তেওঁক শপতগ্ৰহণ কৰোৱাই। এই অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিবাল আৰু আপৰ বহু বিশিষ্ট নেতাও উপস্থিত থাকে।

এই শপতগ্ৰহণ অনুষ্ঠানত ভগৱন্ত মানে পঞ্জাৱবাসীক ধন্যবাদ জ্ঞাপন কৰে। নিৰ্বাচনত জয়ী হোৱাৰ পৰাই বিশেষ চৰ্চাত আছে ভগৱন্ত মান। কংগ্ৰেছৰ শাসনত থকা পঞ্জাৱত ৯২ খন আসন লাভ কৰি আপে এক নতুন ইতিহাস ৰচে।

punjab Bhagwant Mann