/asomiyapratidin/media/media_files/2025/06/14/046ItDZwxxMW0gkuYfOR.jpg)
অবিৰত ভাগৱত পাঠ
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ সমীপৱৰ্তী বৰমণিপুৰ বড়িগাঁও আঞ্চলিক শংকৰ মাধৱ পাঠ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত ১২ জুনৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত অবিৰত ভাগৱত পাঠ আৰু প্ৰবচনৰ শনিবাৰে সামৰণি পৰে। বড়িগাঁও আঞ্চলিক শংকৰ মাধৱ পাঠ মন্দিৰ প্ৰাংগনত ১২ জুনত আৰম্ভনিৰ দিনা ধৰ্মধ্বজা উত্তোলন, খোল প্ৰসঙ্গ, নাম প্ৰসঙ্গৰ লগতে ভাগৱত পাঠৰ শুভাৰম্ভ কৰা হয়।
পাঠৰ সামৰণি অনুষ্ঠানত নামকীৰ্তন লগতে ভাগৱত ভ্ৰমণ কৰা হয়। অঞ্চলৰ ভকত বৈষ্ণৱ, আইমাতৄ সকলৰ অংশ গ্ৰহণেৰে অনুষ্ঠিত ভাগৱত ভ্ৰমণত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰতিফলিত কৰি সমগ্ৰ অঞ্চল পদব্ৰজে পদক্ষিণ কৰে।