ৰাজ্যপাল কোশিয়াৰিয়ে মহাৰাষ্ট্ৰত থাকি মাৰাঠী লোককে অপমান কৰিছে…

ৰাজ্যপাল কোশিয়াৰিয়ে মহাৰাষ্ট্ৰত থাকি মাৰাঠী লোককে অপমান কৰিছে…

author-image
asomiyapratidin
New Update
ৰাজ্যপাল কোশিয়াৰিয়ে মহাৰাষ্ট্ৰত থাকি মাৰাঠী লোককে অপমান কৰিছে…

ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগৎ সিং কোশিয়াৰিৰ বিৰুদ্ধে পুনৰবাৰ জাঙুৰ খাই উঠিল মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী  উদ্ধৱ থাকৰে । এই বাৰ ৰাজ্যপাল ভগৎ সিং কোশিয়াৰিৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে শিৱ সেনা প্ৰধান উদ্ধৱ থাকৰে  ।

Advertisment

মহাৰাষ্ট্ৰৰ প্ৰক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে , আমি ৰাজ্যপাল পদৰ অপমান কৰিব বিচৰা নাই , " কিন্তু ৰাজ্যপালৰ আসনত বহা জনে নিজৰ পদ মৰ্যদা ৰক্ষা কৰাটো ভাল । তেওঁৰ যোৱা ৩ বছৰৰ মন্তব্য বোৰ শুনক ।

 মোৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ সময়তে যেতিয়া কভিডৰ ভৰপক সময় আছিল তেওঁ তেতিয়া ধৰ্মস্থল খোলাৰ বাবে উঠিপৰি লাগিছিল । ৰাজ্যপাল গাৰাকীয়ে মহাৰাষ্ট্ৰত থাকি মাৰাঠী লোককে অপমান কৰিছে ।ৰাজ্যপালৰ আসনত বহি থকা এই ব্যক্তিজনৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছো ।"

 আৰু পঢ়ক :   বিশ্বনাথ জিলা আৰক্ষীৰ উদ্যোগত নিষিদ্ধ গাঞ্জা দাহন কাৰ্যসূচী…

udhab thakre Bhagat Singh Koshyari maharashtra