/asomiyapratidin/media/media_files/2025/07/07/whatsapp-image-2025-07-2025-07-07-10-45-16.jpeg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ দেওবাৰে মহানগৰীত ভগদত্ত উৰণ সেতু ২ মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ১১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা উৰণ সেতুখনৰ নিৰ্মাণৰ কাম মাত্ৰ ৯ মাহৰ ভিতৰতে নিৰ্মাণ সম্পূৰ্ণ হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/07/1-2025-07-07-10-41-47.jpg)
উৰণ সেতু মুকলি অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে কয়, মই অসমৰ চাৰিওফালে ফ্লাইঅ’ভাৰ বনাম। কোনোবাই যদি মোক এটা গালি পাৰে তাৰ বিপৰীতে দুখনকৈ ফ্লাইঅ’ভাৰ নিৰ্মাণ কৰিম। ফ্লাইঅ’ভাৰক সমালোচনা কৰা মানুহসকলে সদায় ফ্লাইঅ’ভাৰেৰে অহা-যোৱা কৰে। মোক গালি দিয়া লোকসকলৰ ইন্ধন বচাব পাৰিছো। মোক কোনোবাই সমালোচনা কৰিলে মই দুগুণ উৎসাহেৰে কাম কৰিব পাৰো।
ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে নৱেম্বৰত গুৱাহাটীত নতুন নতুন বিমান বন্দৰ মুকলিৰ কথাও ঘোষণা কৰে। কপৌ ফুলৰ চানেকীৰে নিৰ্মাণ কৰা এই বিমান বন্দৰটো মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। লগতে এই বছৰতে বিমান বন্দৰৰ পৰা জালুকবাৰীলৈ এলিভেটেড কৰিড’ৰ হ’ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/07/07/516143355_1310911220398575_4014206679213505668_n-2025-07-07-10-42-03.jpg)
উল্লেখ্য যে, জানুৱাৰীত গুৱাহাটী-উত্তৰ গুৱাহাটী দলং, ফেব্ৰুৱাৰীত চাইকেল ফেক্টৰী উৰণ সেতু-ভৰলু নৈৰ উৰণ সেতু, বহাগ বিহুত চানমাৰি উৰণ সেতু মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে হিমন্ত বিশ্ব শৰ্মাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us